/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f44ea628-56f7-457d-be2a-b4229d0a9ca1/hemchandra_goswami.jpg)
পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্মজয়ন্তী উপলক্ষে তথ্য চিত্ৰ প্ৰদৰ্শন, গ্ৰন্থ উন্মোচন...
ডিজিটেল ডেস্কঃ অসমীয়া ভাষা সাহিত্য তথা জাতীয় জীৱনলৈ অদ্বিতীয় অৱদান আগবঢ়াই যোৱা, জাতীয় চেতনাৰ এক শক্তিশালী ভেটি নিৰ্মাণ কৰোতা সৰ্বকালৰ অন্যতম প্ৰাতঃস্মৰণীয় পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ১৫১ বছৰীয়া জন্মজয়ন্তী আজি গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকান্দ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাসৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/518e4c8e-d7cf-4bdd-92be-f3dd9d9e14f5/b9463672_5f32_417d_8c7f_5fc4c15daedc.jpg)
পণ্ডিতগৰাকীৰ জন্মজয়ন্তী উপলক্ষে আজি ন্যাসে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত কৰে এখন গ্ৰন্থ উন্মোচনী আৰু তথ্য চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান। এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰাক্তন প্ৰধান সম্পাদক বসন্ত কুমাৰ গোস্বামী, উপ-সভানেত্ৰী মৃণালিনী দেৱী, নৱ নিৰ্বাচিত সভাপতি ড০ সূৰ্য হাজৰিকা হেমচন্দ্ৰ গোস্বামীৰ নাতি তথা বিশিষ্ট চিকিৎসক ডাঃ নৱ গোস্বামী আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a3b33d13-2a0c-4604-a419-55e470d44fab/b5792543_31e4_44d6_8cb2_2a7ee17d1d0d.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰাৰ লগতে হেমচন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পণ্ডিতগৰাকীৰ নাতি ডাঃ নৱ গোস্বামীয়ে। ইয়াৰ পিছতে অনুষ্ঠানৰ আদৰণি ভাষণ তথা উদ্দেশ্য ব্যাখ্যা আগবঢ়াই পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাসৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গণেশ গোস্বামীয়ে।
ইয়াৰ পিছতে এটি বৰগীত পৰিৱেশন কৰে লোক সংগীত শিল্পী মৃগাক্ষী তামুলী ভূঞাই। অনুষ্ঠানত ড০ সূৰ্য হাজৰিকা সম্পাদিত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ বিভিন্ন সাহিত্যৰাজিৰে সমৃদ্ধ এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। আনহাতে অনুষ্ঠানত পণ্ডিতগৰাকীৰ জীৱনৰ ওপৰ আধাৰিত জ্ঞাত, অজ্ঞাত বিভিন্ন ঘটনা প্ৰবাহক সামৰি এক তথ্য চিত্ৰও প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/003832f3-79c1-4df6-9aa2-1ce3c229a531/af9a8b7f_89d4_416f_b498_b0e2aa0ea288.jpg)
উল্লেখ্য যে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ১৫১ সংখ্যক জন্মজয়ন্তী গোলাঘাটৰ ঢেকিয়ালোটো অনুষ্ঠিত কৰা হৈছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অনুষ্ঠান। এই বিষয়ে উল্লেখ কৰি ন্যাসৰ সভাপতি গণেশ গোস্বামীয়ে জনাইছে যে, ইয়াৰ পূৰ্বে ঢেকিয়ালত অনুষ্ঠিত হোৱা ডেৰশ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাই প্ৰায় চাৰে ৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি পালন কৰি ইতিমধ্যে পণ্ডিতগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামো আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/66f1dc71-744b-488f-a8ae-8b0fb8231f52/1d1092b8_21c2_4cff_baa8_b537c57530f6.jpg)
ক্লিক কৰি পঢ়কঃ ১০ জানুৱাৰীত কামৰূপ মহানগৰত অৰ্ধ ছুটী..