পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হাতে কামে লাগিল কচুৱাৰ ৰমনীপথাৰৰ ৰাইজ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হাতে কামে লাগিল কচুৱাৰ ৰমনীপথাৰৰ ৰাইজ। জনপ্ৰতিনিধিলৈ বাট নাচাই বৰপানী নদীৰ ওপৰত থকা দলং মেৰামতিৰ কামত লাগিল স্থানীয় ৰাইজ। 

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হাতে কামে লাগিল কচুৱাৰ ৰমনীপথাৰৰ ৰাইজ

ডিজিটেল সংবাদ, কামপুৰ : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হাতে কামে লাগিল কচুৱাৰ ৰমনীপথাৰৰ ৰাইজ। জনপ্ৰতিনিধিলৈ বাট নাচাই বৰপানী নদীৰ ওপৰত থকা দলং মেৰামতিৰ কামত লাগিল স্থানীয় ৰাইজ। 

উল্লেখযোগ্য যে, ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ অন্তৰ্গত কচুৱা ৰমনীপথাৰ পাৰঘাটত থকা এখন কাঠৰ দলং দুবছৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৃহত্তৰ ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিছিল। কিন্তু বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে দলংখনৰ বৃহৎ অংশ উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰত সমস্যাত পৰে প্ৰায় কুৰিখনকৈ গাঁৱৰ ৰাইজ। 

পিছত লোকসভা নিৰ্বাচনৰ পুৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দলংখন পৰ্যবেক্ষণ কৰি পুনৰ সুচল কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকপতি সেয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল। অৱশেষত জনপ্ৰতিনিধিলৈ বাট নাচাই ৰাইজে নিজে নামিল মেৰামতিৰ কামত।

উল্লেখযোগ্য যে ৰহাৰ বৰ্তমানৰ বিধায়ক শশীকান্ত দাসে বৰপানী নদীৰ ওপৰত শিঙিমাৰী পাৰঘাট আৰু ৰমনীপথাৰ পাৰঘাটৰ দুখনকৈ পকী দলঙৰ ৰঙা ফিটা কাটি আধাৰশিলা স্থাপন কৰিছিল যদিও শিঙিমাৰী পাৰঘাটত থকা পকী দলংখনৰ কাম তীব্ৰ গতিত চলি আছে। কিন্তু ৰমনীপথাৰৰ পকী দলংখনৰ কাম আৰম্ভ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

kampur