১৪৬০ চনতেই নিৰ্মিত মাদ্ৰাছাত বিজয়া দশীমত দিলে জয় শ্ৰীৰাম ধ্বনিঃ সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি...

bidar
bidar

ডিজিটেল ডেস্কঃ সমাজত এনেকুৱা এচাম মানুহ থাকে যিয়ে ধৰ্মীয় উত্তেজনা বৃদ্ধিৰ বাবে অহৰহ চেষ্টা কৰে। এনে এচাম মানুহৰ বাবেই এতিয়া কৰ্ণাটকৰ বিদাৰ জিলাত ধৰ্মীয় উত্তেজনা বৃদ্ধি পাইছে।

বিজয়া দশমীৰ দশেহৰা ৰেলীত অংশগ্ৰহণ কৰা একাংশ লোকে এখন প্ৰাচীন মাদ্ৰাছাত প্ৰৱেশ কৰি ধৰ্মীয় শ্ল'গান দিয়াৰ লগতে ধৰ্মীয় উত্তেজনা বৃদ্ধিৰ চেষ্টা চলালে। যাৰ পৰিণতিত এতিয়া জিলাখনত সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি দিছে।

উল্লেখ্য যে, ৰাজ্যখনৰ বিদাৰ জিলাৰ মাহমুদ গাৱান নামৰ মাদ্ৰাছাখনত এই লোকসকলে যিসময়ত প্ৰৱেশ কৰি ধৰ্মীয় শ্ল'গান দিছিল সেই সময়ত মাদ্ৰাছাখনৰ এটা কোণত ইছলাম ধৰ্মীয় লোকে উপাসনা কৰি আছিল। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ পিছতে আৰক্ষীয়ে ৯ জনকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইফালে আৰক্ষীয়ে কেৱল গোচৰ ৰুজু কৰাতেই ক্ষান্ত থাকি এজনো অভিযুক্তক এই পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। জিলাখনৰ ইছলাম ধৰ্মীয় লোকসকলে শুকুৰবাৰৰ ভিতৰত এই লোকসকলক গ্ৰেপ্তাৰ নকৰিলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিছে।

আনহাতে এ আই এম আই এমৰ মুৰব্বী আসাদুদ্দিন ওৱেইচিয়ে ৰাজ্যখনৰ কৰ্ণাটকৰ বিজেপি চৰকাৰক এনে ঘটনাক প্ৰৰোচিত কৰি মুছলমান লোকসকলক অসন্মান কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, এই মাদ্ৰাছাখন ১৪৬০ চনতে নিৰ্মাণ কৰা হৈছিল। মাদ্ৰাছাখন আছে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ অধীনত। দেশৰ গুৰুত্বপূৰ্ণ স্মাৰকসমূহৰ ভিতৰত এই মাহমুদ গাৱান মাদ্ৰাছাখনো অন্যতম।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বুধবাৰে সন্ধিয়া একাংশ লোকে মাদ্ৰাছাখনৰ তলা ভাঙিছিল। তাৰ পিছত তেওঁলোকে মাদ্ৰাছাখনৰ চৌহদত প্ৰৱেশ কৰি জয় শ্ৰী ৰাম আৰু হিন্দু ধৰ্ম জয় ধ্বনি দিছিল।

কেৱল সেয়াই নহয়, মাদ্ৰাছাখনত ভিতৰতে এই লোকসকলে হিন্দু ধৰ্মীয় প্ৰাৰ্থনাৰো অয়োজন কৰে। ইতিমধ্যে এই ঘটনাটোৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। য'ত একাংশ লোকে মাদ্ৰাছাখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।

এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৯ জন লোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে তেওঁলোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই।

বিদাৰৰ কেইবাটাও মুছলমান সংগঠনে ঘটনাটোক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সংগঠনসমূহে অভিযুক্তসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰো দাবী জনাইছে। অন্যথা শুকুৰবাৰৰ নামাজৰ পিছতে প্ৰতিবাদৰ হুংকাৰ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in