দেশত যোৱা ৩মাহত গড়ে ৩.৮ লাখ কোটি টকাকৈ সংগ্ৰহ হৈছে জি এছ টি...

বেংক অৱ বৰোদাই বুধবাৰে প্ৰকাশ কৰে এখন প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত অৰ্থনীতিৰ সূচকসমূহৰ ভিত্তিত ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে

author-image
Asomiya Pratidin
New Update
দেশত যোৱা ৩মাহত গড়ে ৩.৮ লাখ কোটি টকাকৈ সংগ্ৰহ হৈছে জি এছ টি

দেশত যোৱা ৩মাহত গড়ে ৩.৮ লাখ কোটি টকাকৈ সংগ্ৰহ হৈছে জি এছ টি

ডিজিটেল ডেস্ক : বেংক অৱ বৰোদাই বুধবাৰে প্ৰকাশ কৰে এখন প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত অৰ্থনীতিৰ সূচকসমূহৰ ভিত্তিত ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে এই চতুৰ্থ ত্ৰৈমাসিকত ইতিবাচক সূচকসমূহৰ ভিতৰত আছে জি এছ টি সংগ্ৰহৰ বৃদ্ধি। 

Advertisment

যিটো চলিত বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত গড়ে ৩.৮ লাখ কোটি টকা হৈছিল জি এছ টি। অৱশ্যে ২০২৪ৰ জানুৱাৰী-ফেব্ৰুৱাৰীত জি এছ টিৰ পৰিমাণ আছিল ৩.৪ লাখ কোটি টকা। 

আনহাতে ই-ৱে বিলৰ ক্ষেত্ৰতো ২০২৫ৰ জানুৱাৰীত ২৩.১ শতাংশলৈ বৃদ্ধি পাইছিল জি এছ টি। যিটো ২০২৪ৰ জানুৱাৰীত ১৬.৯ শতাংশলৈ বৃদ্ধি পাইছিল বুলি প্ৰতিবেদনত উল্লেখ কৰে। 

একেদৰে ২০২৫ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত টোল সংগ্ৰহৰ হাৰ গড় হিচাপত ১৬.৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ২০২৪ বিত্তীয় বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ১১.২ শতাংশ বৃদ্ধি পাইছিল জি এছ টি।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৫ৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ সময়ছোৱাত বিমান যাত্ৰী পৰিবহণ আৰু বাহন পঞ্জীয়নৰ দৰে সূচকসমূহ মন্দা হ’লেও খৰচ, সেৱা আৰু এফ এম চি জি খণ্ডৰ কুম্ভমেলাৰ দ্বাৰা সমৰ্থিত Q4 FY25ত জি ডি পি বৃদ্ধিৰ ক্ষেত্ৰত উৰ্ধমুখী যাত্ৰা অৱ্যাহত আছে। তদুপৰি কৃষি খণ্ডৰ শক্তিশালী বৃদ্ধিৰ প্ৰতিও লক্ষ্য ৰাখি সম্পূৰ্ণ বছৰৰ বাবে বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ বুলি অনুমান কৰা হৈছে বুলি বেংক অৱ বৰোদাৰ প্ৰতিবেদনত উল্লেখ কৰে।

bank economy