/asomiyapratidin/media/media_files/2025/02/19/WEozhwGbHtXKp6Wy0Ra3.jpg)
উমৰাংছু
ডিজিটেল ডেস্কঃ ঘটনা সংঘটিত হোৱা ৪০দিনৰ পিছত ১৯ফেব্ৰুৱাৰী, ২০২৫ত উদ্ধাৰ হল উমৰাংছুৰ কয়লা খনিৰ সুৰংগৰ পৰা পাঁচটা মৃতদেহ। বুধবাৰে বিয়লি এই কথা ঘোষণা কৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে।
সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- উমৰাংছ’ৰ কয়লা খনিৰ পানী নিষ্কাশন প্রক্রিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰাকৈ আজি সম্পন্ন কৰা হৈছিল। আজি ৫গৰাকী বনুৱাৰ মৃতদেহ উদ্ধাৰ কৰি খনিৰ খাদৰ পৰা উলিয়াই অনা হৈছে। মৃতদেহকেইটিৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, এই পৰ্যন্ত মুঠ ৯গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আগতে ৪গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি উদ্ধাৰকাৰী দলে। এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে ভাৰতীয় নৌ সেনাৰ প্ৰায় ১২জনীয়া এটা দলে অহৰহ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছিল উমৰাংছুৰ এই সুৰংগটোত।