Advertisment

ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সংস্থা ৰায়পুৰৰ সঞ্চালিকা দেৱকী মাইয়াইৰ বটদ্ৰৱা থান দৰ্শন…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত মঙলবাৰে পুৱা ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সংস্থাৰ  ৰায়পুৰ, ছট্টিশগড়ৰ সঞ্চালিকা দেৱকী মাইয়াই উপস্থিত হয় । লগতে সেৱা সন্থাৰ কেইবাগৰাকীও সেৱকে সংগ দিয়ে দেৱকী মাইয়াইক ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত মঙলবাৰে পুৱা ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সংস্থাৰ  ৰায়পুৰ, ছট্টিশগড়ৰ সঞ্চালিকা দেৱকী মাইয়াই উপস্থিত হয় । লগতে সেৱা সন্থাৰ কেইবাগৰাকীও সেৱকে সংগ দিয়ে দেৱকী মাইয়াইক ।

Advertisment

ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সংস্থা বহু বছৰ ধৰি পবিত্র শব্দ 'ওম' জপ কৰাৰ অনুশীলন ব্যৱস্থাৰ বাবে সমগ্ৰ দেশতে প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈ আছে। ওম জপ কৰি আভ্যন্তৰীণ শান্তি, প্রশান্তি বোধ কৰা, শৰীৰ আৰু মন উভয়ৰে অলৌকিক পৰিৱৰ্তনৰ বাবে মানৱ কল্যাণৰ নিমিত্তে এই প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈ থকা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তথা আদি লীলা ভূমি বটদ্ৰৱা থান দৰ্শনৰ মানস কৰা বাবে আজি দলটি বটদ্ৰৱা থানত উপস্থিত হয়। 

বটদ্ৰৱা থানত প্ৰবেশ কৰি কীৰ্ত্তনঘৰত সেৱা গ্ৰহণ কৰি গুৰুৰ স্মৃতিচিহ্ন ক্ৰমে শংকৰ শিলিখা বৃক্ষ, হাটীপুখুৰী, আকাশী গংগা দৰ্শন কৰি আপ্লুত হৈ পৰে। দেৱকী মাইয়াইৰ লগতে জ্যোতিৰ্ময় চন্দন গিৰি, লক্ষী প্ৰভা দেৱী, দ্বাৰিকা প্ৰসাদ আগৰৱালা,  ড০ শ্ৰীমন্ত কুমাৰ ছাহু, অঞ্জনা পাৱাৰ, বিজয় কুমাৰ সিন্ধীকে আদি কৰি অতিথি সকলক বটদ্ৰৱাত সংগ প্ৰদান কৰে দিব্যজ্যোতি বৰুৱাই।

বটদ্ৰৱা থান