অভিলেখঃ ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলা...

অভিলেখঃ ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলা...

author-image
Asomiya Pratidin
New Update
অভিলেখঃ ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলা...

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত অধিষ্ঠিত হল ওম বিৰলা। ধ্বনি ভোটত সদনত জয়ী হয় এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কে সুৰেশ পৰাস্ত হোৱাৰ পাছতে সদনত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে।

Advertisment

ওম বিৰলাক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনৰ নিৰপেক্ষতা বজাই ৰাখিব বুলি বিশ্বাস কৰা বুলি কয়। উল্লেখ কৰা প্ৰয়োজন যে, ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা ওম বিৰলা হৈছে প্ৰথমগৰাকী অধ্যক্ষ।

উল্লেখ কৰা প্ৰয়োজন যে, সদনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ইণ্ডিয়া মৰ্চাই। এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছিল ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।

ওম বিৰলা