ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত ভাৰতৰ বাবে পদক আজুৰি অনা খেলুৱৈ বজৰঙ্গ পুণিয়াক নেচনেল এন্টী ড্ৰপিং এজেঞ্চিয়ে ৪বছৰৰ বাবে নিলম্বিত কৰিছে। শেহতীয়াকৈ খেলুৱৈগৰাকীৰ এই নিলম্বনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। দৰাচলতে যোৱা ১০মাৰ্চত দেশৰ ৰাষ্ট্ৰীয় টীম নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত ড্ৰপিং টেষ্টৰ বাবে নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়াত সহযোগ কৰা নাছিল খেলুৱৈগৰাকীয়ে। যাৰ পাছতে ৱল্ড গৰ্ৱণিং বডীয়েও খেলুৱৈগৰাকী নিলম্বিত কৰিছিল। প্ৰথম পৰ্যায়ত নেচনেল এন্টী ড্ৰপিং এজেঞ্চিয়ে তেওঁক অনানুষ্ঠিকভাৱে নিলম্বন কৰাৰ কথা সদৰি কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁ আনুষ্ঠানিক পত্ৰৰ জৰিয়তে এই কথা অৱগত কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, এই নিলম্বনৰ পাছত তেওঁ আগন্তুক ৪বছৰলৈ কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লব নোৱাৰিব আৰু বিদেশতো প্ৰশিক্ষণ গ্ৰহণ কৰিব নোৱাৰিব। অলিম্পিক খেলুৱৈগৰাকীৰ এই প্ৰতিবন্ধকতাৰ পাছতে এতিয়া দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।