নগাঁৱত বৃদ্ধ সন্ধানহীন...

নগাঁও চহৰৰ সমীপৱৰ্তী টকৌবাৰীৰ হৰিণ ডেকা  (৭৫) শুকুৰবাৰে দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছে। তেঁও আজি পুৱাৰ ভাগত শিমলুগুৰিৰ জীয়াৰীৰ ঘৰলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে...

author-image
Asomiya Pratidin
New Update
নগাঁৱত বৃদ্ধ সন্ধানহীন

নগাঁৱত বৃদ্ধ সন্ধানহীন

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ সমীপৱৰ্তী টকৌবাৰীৰ হৰিণ ডেকা  (৭৫) শুকুৰবাৰে দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছে। তেঁও আজি পুৱাৰ ভাগত শিমলুগুৰিৰ জীয়াৰীৰ ঘৰলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতে চাইকেলেৰে নিজৰ ঘৰলৈ যোৱাৰ পথত লোকজন সন্ধানহীন হয়। চকুৰে কম দেখা লোকজনক বিচাৰি  বিভিন্ন স্থানত সন্ধান চলাইছে যদিও বাতৰি লিখা সময়লৈকে লোকজনৰ সন্ধান ওলোৱা নাই।

কোনো লোকে লোকজনৰ সম্ভেদ পালে ৭৫৭৬০৫৫০১৯ আৰু ৬০০২৪৬০৬৭০  নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোৱা অনুৰোধ জনাইছে।

Assam police