/asomiyapratidin/media/media_files/2024/12/08/w5vnKSEx2m48UGlCUu15.jpg)
ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত এইবাৰ আৰক্ষীয়ে চোৰাং তেলৰ বিৰুদ্ধে অভিযান চলাই । লামডিঙৰ আৰক্ষীয়ে আই অ' চি এলৰ সমীপত চলাই এই অভিযান । অভিযানত প্ৰায় ৪৫০ লিটাৰ চোৰাং তেলৰ লগতে তেল চুৰি কৰা সামগ্ৰীও জব্দ কৰে ৷
এই সংক্ৰান্তত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বলৰাম চৰকাৰ আৰু লামডিং বজাৰৰ এখন সুলভ মূল্যৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা আশিষ ৰায় নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় ৷
বৰ্তমানে আৰক্ষীয়ে এই চোৰাং ব্যৱসায়ীৰ লগত জড়িত সকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us