JEE ত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ- ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড় কেন্দ্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে জে ই ই মেইনছত অভূতপূৰ্ব সফলতাৰে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
JEE ত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ- ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটী : অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড় কেন্দ্ৰৰ লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে জে ই ই মেইনছত অভূতপূৰ্ব সফলতাৰে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷  গুৱাহাটী কেন্দ্ৰৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৫ গৰাকী, নগাঁও আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিটোৰে ৩০ গৰাকীৰ ভিতৰত ২৮ গৰাকীয়ে আৰু ইটানগৰ কেন্দ্ৰৰ ৩০ গৰাকীৰ ভিতৰত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷ 

Advertisment

JEE ত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ- ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

জে ই ই মেইনছত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ ৩০ৰ শিক্ষাৰ্থীসকলক বৃহস্পতিবাৰে গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ৷  মহানগৰীৰ বশিষ্ঠত থকা ৰত্নমৌলি পেলেছত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অইল(মানৱ সম্পদ)ৰ সঞ্চালক ড॰ অংকুৰ বৰুৱাই কয় যে, অইলে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতাৰ্থত মানুহ হিচাপে তথা ৰাষ্ট্ৰৰ সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰি আহিছে ৷ 

অইলে প্ৰজ্ঞান চুপাৰ ৩০ৰ বাবে নিৰ্বাচিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে তিনি লাখকৈ টকা ব্যয় কৰি অহা বুলিও তেওঁ উল্লেখ কৰে ৷  অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি অইল (পিএলএছ)ৰ কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰকাশ পৰমানন্দ দাসে নিজৰ শিক্ষা জীৱনৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক একোগৰাকী সৎ নাগৰিক তথা মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ 

অনুষ্ঠানৰ আন এগৰাকী সন্মানীয় অতিথি অইল (বিডি)ৰ কাৰ্যবাহী সঞ্চালক ৰঞ্জন গোস্বামীয়ে একাগ্ৰতা-নিয়মানুবত্তিৰ্তাই ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত সহায় কৰে বুলিও উল্লেখ কৰে ৷ আন এগৰাকী সন্মানীয় অইলৰ চি এছ আৰ সঞ্চালক কৃষ্ণমুৰ্তি সিঙে অইলে সামাজিক-শৈক্ষিক ক্ষেত্ৰখনৰ বাবে আগবঢ়াই অহা অবদানৰ কথা উল্লেখ কৰে ৷ 

JEE ত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ- ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

অনুষ্ঠানত কেইবাগৰাকী শিক্ষাৰ্থীয়ে নিজৰ অভিমত ব্যক্ত কৰি তেওঁলোকক শিক্ষাগ্ৰহণত কৰা সহায়ৰ বাবে অইলক ধন্যবাদ জনায় ৷  উল্লেখ্য যে আৰ্থিকভাৱে পিছপৰা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে তথা উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক সুযোগ প্ৰদানৰ লক্ষ্যৰে অইলে ২০১০ চনতে এই জনহিতকৰ আঁচনিখনৰ আৰম্ভণি কৰিছিল ৷ 

ইয়াৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ১১ মহীয়া সম্পূৰ্ণ বিনামূলীয়া আৱাসিক কোচিং আৰু একাডেমিক মেকিং প্ৰদান কৰা হয় আৰু তেওঁলোকক দেশৰ অন্যতম কঠিন প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা যেনে জে ই ই (মেইনছ আৰু এডভান্স) আৰু নীটৰ বাবে সাজু কৰি তোলা হয় ৷  এই পদক্ষেপে যোৱা ১৫ বছৰ ধৰি পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক দেশৰ প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান যেনে- আই আই টি, এন আই টি আৰু শীৰ্ষ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সক্ষম কৰি তুলি শৈক্ষিক ব্যৱধান দূৰ কৰি আহিছে ৷ 

অসমৰ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড় জিলাত আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰত অৱস্থিত চাৰিটা কেন্দ্ৰত অভিযান্ত্ৰিক প্ৰৱেশিকা পৰীক্ষাৰ বাবে কোচিং (জে ই ই) আগবঢ়োৱা হয় ৷  লগতে, মেডিকেল প্ৰৱেশিকা পৰীক্ষাৰ বাবে কোচিংৰ বাবে অসমৰ যোৰহাটত এটা কেন্দ্ৰ আছে ৷ 

JEE ত কৃতিত্বৰে উত্তীৰ্ণ অইল প্ৰজ্ঞান চুপাৰ- ৩০ৰ শিক্ষাৰ্থীক সম্বৰ্ধনা

এই পদক্ষেপৰ জৰিয়তে অইলে কেৱল শৈক্ষিক উৎকৰ্ষতাক গুৰুত্ব দিয়াই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ আটাইতকৈ প্ৰয়োজনীয় গুণগত শিক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰি দৰিদ্ৰতাৰ হেঙাৰ অতিক্ৰম কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিছে ৷ ২০১০ চনত প্ৰকল্পটো আৰম্ভ হোৱাৰ পিছৰে পৰা চাৰিটা কেন্দ্ৰত নামভৰ্তি কৰা ৪৮২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,৩৬১ জন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয় যেনে আই আই টি, আই এছ এম ধনবাড, আই আই এছ টি (আই এছ আৰ অ’), আই এছ আই, আই আই এছ ই আৰ, বি আই টি পাটনা, আই আই আই টি, ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটি (কে অ’ এল) আৰু এন আই টি, বিভিন্ন ৰাজ্যিক অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত নামভৰ্তি লাভ কৰিছে ৷ 

অসম আৰু অৰুণাচল প্ৰদেশত থকা চাৰিটা কেন্দ্ৰই আৰম্ভণিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত নামভৰ্তি লাভ কৰাত সহায় কৰি আহিছে ৷

oil JEE