ডিমা-হাচাওৰ দিয়োংব্ৰাৰত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ (NMEO-OP)ৰ অধীনত শুকুৰবাৰে ডিমা-হাচাও জিলাৰ দিয়োংব্ৰাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ৫ নং ডিগান্দু গাঁৱত বিস্তৃত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ডিমা-হাচাওৰ দিয়োংব্ৰাৰত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী

ডিমা-হাচাওৰ দিয়োংব্ৰাৰত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী

ডিজিটেল সংবাদ, ডিমা-হাচাওঃ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ (NMEO-OP)ৰ অধীনত শুকুৰবাৰে ডিমা-হাচাও জিলাৰ দিয়োংব্ৰাৰ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ৫ নং ডিগান্দু গাঁৱত বিস্তৃত তৈল খেজুৰ ৰোপণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।

Advertisment

WhatsApp Image 2025-06-21 at 9.05.19 AM

এই বিস্তৃত তৈল খেজুৰ ৰোপন কাৰ্যসূচী প্ৰায় ২০ হেক্টৰ এলেকাত জিলা কৃষি বিভাগ, ডিমা-হাচাওৰ উদ্যোগত আৰু 3F Oil palm Pvt. Ltd. ৰ সহযোগত প্ৰগতিশীল কৃষক মাইজেন হাগজেৰৰ কৃষি পথাৰত আয়োজন কৰা হয়। 

WhatsApp Image 2025-06-21 at 9.05.19 AM (1)

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উত্তৰ কাছাৰ স্বায়ত্ব-শাসিত পৰিষদৰ সদস্যা ৰূপালী লাংঠাচাৰ লগতে জিলা কৃষি বিষয়া নৰ্মদা খেৰচা, ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰৰ ৰাজ্যিক নডেল বিষয়া কল্পনা বৰ্মন তথা জিলা নডেল বিষয়া জেভিন চেংচন, কৃষি উন্নয়ন বিষয়া, দিয়োংব্ৰাৰ সুজাতা ফুংল'ৰ উপৰিও অন্যান্য বিষয়ববীয়াসকল আৰু শতাধিক স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।

WhatsApp Image 2025-06-21 at 9.05.20 AM

সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট অতিথি গৰাকীয়ে উপস্থিত ৰাইজক তৈল খেজুৰ খেতিৰ বাবে আগবাঢ়ি অহাৰ বাবে আহ্বান জনোৱাৰ লগতে চৰকাৰৰ কৃষিৰ সৈতে জড়িত অন্যান্য আঁচনি সমূহৰ সুবিধা সমূহ লোৱাৰ বাবেও আহ্বান জনায়।

WhatsApp Image 2025-06-21 at 9.05.18 AM

উল্লেখ্য যে, এই বিস্তৃত ৰোপণ কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হৈছে তৈল খেজুৰ খেতিৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰা, ভোজ্য তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা।

তৈল খেজুৰ