অইলত চাকৰি দিয়াৰ প্রলোভনেৰে বিষয়াই সংগ্ৰহ কৰিছে লাখ লাখ টকা

গগৈ, ফুকন উপাধিৰ দুই বিষয়াই ডিব্ৰুগড়, তিনিচুকীয়া শিৱসাগৰৰ ৭৫গৰাকী নিবনুৱাৰ পৰা ২০-২৫ লাখ টকা সংগ্ৰহৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
অইলত চাকৰি দিয়াৰ প্রলোভনেৰে বিষয়াই সংগ্ৰহ কৰিছে লাখ লাখ টকা

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৪ জুলাইলৈকে অইল ইণ্ডিয়াই কাৰিকৰী পদৰ স্থায়ী নিযুক্তিৰ বাবে কম্পিউটাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল। পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ঠিকা লাভ কৰা গুজৰাটৰ প্ৰতিষ্ঠান এডুটেষ্টে ছলিউচন প্রাইভেট লিমিটেডক উত্তৰ প্ৰদেশ চৰকাৰে ব্লেকলিষ্টেড ঘোষণা কৰাৰ লগে লগে অইল ইণ্ডিয়াই কাৰিকৰী পদৰ কম্পিউটাৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত অইল কর্তৃপক্ষই এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব সেৱা এতিয়াও স্পষ্ট কৰিব পৰা নাই।

Advertisment

এনেদৰে কাৰিকৰী পদৰ স্থায়ী নিযুক্তি প্রক্রিয়া বন্ধ কৰি তৈল উদ্যোগ প্রতিষ্ঠানটোৱে পিচ দুৱাৰেদি ঠিকাভিত্তিক নিযুক্তিক প্রধান্য দিবলৈ উঠিপৰি লগা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অইল ইণ্ডিয়াই স্বাস্থ্য সহায়ক পদৰ বাবে এটা, ফিটাৰ পদৰ বাবে ১৪টা, ডিজেল মেকানিকৰ বাবে ১০টা পদত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰে।

একেদৰে কাৰ্যনিৰ্বাহক পদত অসমৰ বাহিৰৰ প্ৰাৰ্থীক স্থায়ী নিযুক্তি দি অইল ইণ্ডিয়াই ইতিমধ্যে থলুৱাবিৰোধী স্থিতি গ্রহণ কৰি আহিছে। এটা সময়ত স্থায়ী শ্রমিকে গিজগিজাই থকা অইল ইণ্ডিয়াত বর্তমান ১,২০০ৰো অধিক ঠিকাভিত্তিক শ্রমিকে নিযুক্তি লাভ কৰিছে। কিন্তু ইমানৰ পিচতো অইল ইণ্ডিয়াৰ শ্রমিক সংগঠন, সচেতন ৰাইজ তথা জাতীয় সংগঠন এইক্ষেত্ৰত নীৰৱ দর্শক হৈ থকাটো বিচাৰ্যৰ বিষয়।

ইফালে ঠিকাভিত্তিক শ্রমিক নিযুক্তিৰ দৰে শিক্ষাৰ ক্ষেত্ৰতো ঠিকাভিত্তিক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে অইলে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে চাৰিটা আৰু অইল ইণ্ডিয়া এল পি জি ৰিক'ভাৰী প্লাণ্টৰ বাবে ঠিকাভিত্তিক এটা পদত নিযুক্তি প্রক্রিয়া মুকলি কৰিছে অইল ইণ্ডিয়াই।

মন কৰিবলগীয়া যে এসময়ত ৬০ জনতকৈ অধিক স্থায়ী শিক্ষক-শিক্ষয়িত্রী থকা অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ তাৰিখত আধাতকৈ বেছি সংখ্যক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি দিছে অইল ইণ্ডিয়াই। এয়া আচলতে কিহৰ ইংগিত? অইল ইণ্ডিয়াৰ ব্যক্তিগতকৰণ নহয় বুলি বাৰম্বাৰ দাবী কৰি অইল কর্তৃপক্ষই স্থায়ী নিযুক্তিৰ দুৱাৰ বন্ধ কৰি অস্থায়ী নিযুক্তিত গুৰুত্ব দিয়াৰ কাৰণ কি?

ইফালে নৱৰত্ন কোম্পানী অইলত স্থায়ী নিযুক্তি প্রক্রিয়া বন্ধ হৈ থকাৰ সময়তে দুজনমান বিষয়াৰ ছত্ৰছায়াত বক্র পথেৰে চাকৰি দিয়াৰ এখন মুকলি বজাৰ চলি থকাৰ অভিযোগ উত্থাপন হৈছে। কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগৰ গগৈ আৰু ফুকন উপাধিৰ দুজন বিষয়াই ডিব্রুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ প্রায় ৭৫ গৰাকী নিবনুৱা যুৱক- যুৱতীৰ পৰা কনিষ্ঠ সহায়ক, কনিষ্ঠ অভিযন্তা আৰু কাৰিকৰী পদত নিযুক্তি দিয়াৰ প্রলোভন দি ২০ পৰা ২৫ লাখ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ আহি পৰিছে। বক্র পথেৰে এ পি এছ চিত চাকৰি দিয়াৰ দৰে অইল ইণ্ডিয়াতো এনে এখন বজাৰ আৰম্ভ কৰিছে উদ্যোগ প্রতিষ্ঠানটোৰ কিছুমান দুর্নীতিগ্রস্ত বিষয়াই।

Also Read: উপ জিলাৰ গঠনক লৈ চিন্তিত চাপৰবাসী...

oil india limited tinsukia