/asomiyapratidin/media/media_files/2025/03/17/ixp3Q4WVVMpDacmbdhXZ.jpg)
ডিজিটেল ডেস্ক : এখন জিলাৰ আৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ বৰমূৰীয়া আৰক্ষী বিষয়াসকলৰ এতিয়া টোপনি যাব নোৱাৰা অৱস্থা হৈছে। এনেও জিলাখনত বিভিন্ন অপৰাধ সংঘটিত হোৱা উদাহৰণ বহু বেছি। কেতিয়াবা যদি মণিকূটত চোৰ সোমাই, আন কেতিয়াবা পথেৰে গৈ থকা মহিলাৰ ডিঙিৰ চেইন কাঢ়ি উধাও হয় দুৰ্বৃত্ত।
বেংকৰ পৰা ধন উলিয়াই হাতত টকাৰ বেগ লৈ ঘৰলৈ উভতিব নোৱাৰা পৰিৱেশে বিৰাজ কৰা জিলাখনত সংঘটিত এই অপৰাধবোৰকলৈ আৰক্ষীৰ বৰ বেছি তৎপৰতা নাছিল। কিন্তু যোৱা ১৪ মাৰ্চ ২০২৫ৰ পৰা আৰক্ষীৰ অৱস্থা কাহিল হৈ পৰিছে।
১৪ মাৰ্চৰ দিনা ৰুজু হোৱা এটা গোচৰৰ পাছতেই জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আন উচ্চপদস্থ বিষয়াসকলে মৰিগাঁও সদৰ থানাত এক প্ৰকাৰৰ বাহৰ পাতি লোৱাৰ দৰেই হৈছে। তাৰ কাৰণ হৈছে- থানাখনত ৰুজু হৈছে এটা গোচৰ। গোচৰটোৰ নম্বৰ ৭৮/২৫।
বি এন এছৰ ধাৰা ১৪০(৩), ১১১(২) (বি) ধাৰাত ৰুজু হোৱা এই গোচৰটোৰ মূল অভিযুক্তক বিচাৰি আৰক্ষীৰ হাহাকাৰ অৱস্থা। গোচৰটো হ’ল মৰিগাঁৱৰ পৰা এজনী যুৱতী নিৰুদ্দেশ হৈছে। যুৱতীগৰাকীৰ পৰিয়ালে ইয়াক এক অপহৰণ কাণ্ড বুলি সন্দেহ কৰিছে। আৰু সেই অপহৰণ কাণ্ডৰ মূল নায়ক হিচাপে আৰমান ৰহমান নামৰ এজন যুৱকক লৈ পৰিয়ালে আঙুলি টোঁৱাইছে।
সেয়েহে শুকুৰবাৰৰ পৰা ভাগে ভাগে মৰিগাঁও আৰক্ষীয়ে যুৱতীগৰাকী আৰু যুৱকজনক বিচাৰি অভিযান চলাই ফুৰিছে। যিজন যুৱকে যুৱতীগৰাকীক অপহৰণ কৰা বুলি পৰিয়ালে অভিযোগ তুলিছে, সেই যুৱকজনৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাইছে।
ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নাতিনীক যুৱকজনে অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ সন্দৰ্ভতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ৰুজু কৰিছে এক গোচৰ। ইতিমধ্যে উক্ত গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এগৰাকী কিশোৰীসহ অন্য তিনিজনক গ্ৰেপ্তাৰ কৰিছে।
কেৱল ইমানেই নহয়, এই ঘটনাৰ পাছতে মৰিগাঁও দন্দুৱা হাফিজীয়া মাদ্ৰাজত ৰাইজে এখন সভা অনুষ্ঠিত কৰি যুৱকজনৰ পৰিয়ালক এঘৰীয়া কৰিছে।