/asomiyapratidin/media/media_files/2025/01/19/YIGOhgarETRRnAsJxEFd.png)
অসম দলক আনুষ্ঠানিক শুভেচ্ছা প্ৰদান আৰু কিট মুকলি অনুষ্ঠান
ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে পূৰ্ণোদ্যমে সাজু অসম দল। দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম দলক তেওঁলোকৰ যাত্ৰাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ মন্ত্ৰীসকল- নন্দিতা গাৰ্লোচা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে আৰু দলটোৰ বাবে অফিচিয়েল কিট মুকলি কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, "অসম- ক্ৰীড়া প্ৰতিভাৰ এক উদীয়মান শক্তিক্ষেত্ৰ। আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে অদম্য মনোবল তথা উজ্জীৱিত প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি দৃঢ় বিশ্বাসী। শৃংখলাবদ্ধতা, উৎসৰ্গিত মনোভাব আৰু একাগ্ৰতাৰে সৰ্বোচ্চ উজাৰি খেলিবলৈ আমাৰ সমূহ খেলুৱৈক আন্তৰিকতাৰে আহ্বান জনালোঁ।"
/asomiyapratidin/media/media_files/2025/01/19/lTxtQpMsNIaKCNMCbiND.jpg)
সোণোৱালে কয়, "সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গীতৰ মাজেৰে কৈ গৈছিল- 'এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ'। ক্ৰীড়াই বিশ্ববাসীক যুগে যুগে শান্তি-সম্প্ৰীতি, শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ পথ দেখুৱাই আহিছে।
ক্ৰীড়া প্ৰতিযোগিতাসমূহে খেলুৱৈসকলক এখন সঠিক মঞ্চ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাতো সহায় কৰে। অসমতো বিভিন্ন সময়ত বহু গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই ক্ৰীড়া প্ৰতিযোগিতাসমূহে ৰাজ্যখনত খেলৰ মানসম্পন্ন প্ৰসাৰ আৰু খেলৰ এক অত্যাধুনিক পৰিৱেশ সৃষ্টি কৰাত অৰিহণা যোগাইছে। লগতে ন ন খেলুৱৈ প্ৰতিভা সৃষ্টিৰে ৰাজ্যৰ ক্ৰীড়া বাতাৱৰণ ত্বৰান্বিত কৰাতো অগ্ৰণী ভূমিকা পালন কৰিছে। খেলৰ মহত্ব হৃদয়ংগম কৰি খেলক দৈনন্দিন জীৱনৰ অংগ হিচাপে লৈ এখন সুস্থ-সবল আৰু সমন্বয়পূৰ্ণ সমাজ গঢ়াত আমি সকলোৱে অৰিহণা যোগাব লাগিব।"
/asomiyapratidin/media/media_files/2025/01/19/pFm6mqpSDSvkBRRKGeCJ.jpg)
সোণোৱালে লগতে উল্লেখ কৰে, "বিগত এটা দশকত অসমৰ লগতে সমগ্ৰ দেশৰে ক্ৰীড়া খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছৰ পৰাই সমগ্ৰ দেশৰ লগতে অসমৰ ক্ৰীড়া জগততো উল্লেখযোগ্য সফলতাৰ সূচনা হৈছে।
গুৱাহাটীত ছাউথ এছিয়ান গেমছৰ সফল আয়োজন, তৃতীয় খেল' ইণ্ডিয়া যুৱ প্ৰতিযোগিতাৰ সফল ৰূপায়ণ, ১৭ বছৰ অনূৰ্ধৰ ফিফা বিশ্বকাপৰ খেলৰ আয়োজন, আইবা যুৱ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন আদি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে উজলাই তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/01/19/Vs5T7UpRLpEqrmMI2wCQ.jpg)
লগতে তেওঁ কয়- চৰকাৰৰ অভিলাষী পদক্ষেপসমূহে জন্ম দিছে অসমত এজনৰ পাছত এজনকৈ আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈ। অসম অলিম্পিক সন্থায়ো বিগত বৰ্ষসমূহত অসমৰ ক্ৰীড়া খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ হকে অহোপুৰুষাৰ্থ কৰি আহিছে। অসম অলিম্পিক সন্থাৰ বিশেষ প্ৰচেষ্টাত ২০২২ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় অসম যুৱ অলিম্পিক, যিয়ে ৰাজ্যখনৰ সকলো প্ৰান্তৰ খেলুৱৈ প্ৰতিভাক অগ্ৰাধিকাৰ দিয়াত সহায় কৰিছে।
তেওঁ আশা প্ৰকাশ কৰে যে অনাগত দিনবোৰতো অসম অলিম্পিক সন্থাৰ উদ্যোগত কেতবোৰ পদক্ষেপ লোৱা হ'ব, যাৰ জৰিয়তে সুপ্ৰশিক্ষণৰ দ্বাৰা আমাৰ খেলুৱৈ প্ৰতিভাসমূহ উপকৃত হ'ব। আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে পূৰ্বৰ তুলনাত অধিক পদক বিজয় কৰিবলৈ সক্ষম হ'ব বুলি আমি দৃঢ় বিশ্বাসী। লগতে আই অসমীৰ গৌৰৱ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সৰ্বোচ্চ উজাৰি খেলিবলৈ আমাৰ প্ৰতিগৰাকী খেলুৱৈকে আহ্বান জনালোঁ আৰু সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ" বুলি মত প্ৰকাশ কৰে।
/asomiyapratidin/media/media_files/2025/01/19/UF74kxVYWmTWrZ0vZKux.jpg)
লগতে তেওঁ কয়- ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল প্ৰতিযোগিতাত যি ধৰণৰ শাৰীৰিক তথা মানসিক প্ৰস্তুতিৰ প্ৰয়োজন, সেয়া হৃদয়ংগম কৰি অসম দলটোক সাজু কৰোৱা হৈছে। উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া এই ক্ৰীড়া মহাৰণত অসমৰ পৰা যাবলগীয়া দলটোৱে বিভিন্ন পদক বিজয় কৰি অসমবাসীক অনাবিল আনন্দ আৰু গৌৰৱ উপহাৰ দিব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী।
একবিংশ শতিকাত ক্ৰীড়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ কথা প্ৰতিখন ৰাষ্ট্ৰই উপলদ্ধি কৰিছে আৰু সেইবাবেই পৃথিৱীৰ আটাইতকৈ বিখ্যাত আৰু জনপ্ৰিয় অনুষ্ঠানটো হৈছে অলিম্পিক গেমছ৷ ক্ৰীড়াৰ প্ৰতি সকলো প্ৰান্তৰ ৰাইজৰ আগ্ৰহ, শ্ৰদ্ধা আৰু আকৰ্ষণ আজি সৰ্বজনবিদিত৷ উল্লেখযোগ্য যে যিসমূহ ৰাষ্ট্ৰই ক্ৰীড়াক্ষেত্ৰত উজলি উঠিছে, সেইবোৰে আন আন ক্ষেত্ৰতো সফলতাৰ সুউচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
লগতে তেওঁ জনাই যে অসমক সমগ্ৰ ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য সন্মিলিতভাৱে গ্ৰহণ কৰা হৈছে, সেয়া সফল কৰিবলৈ অসমক ক্ৰীড়াক্ষেত্ৰতো এখন জাকতজিলিকা ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। নিয়মানুৱৰ্তিতা, অধ্যৱসায় আৰু ভক্তি - এই তিনিটা মৌলিক উপাদানে এগৰাকী ক্ৰীড়াবিদক সফল, আকৰ্ষণীয় আৰু বিশ্বাসযোগ্য কৰি তোলে। এই সকলো দিশ অসম দলে আখৰে আখৰে পালন কৰিব বুলি আমি আশাবাদী বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।