/asomiyapratidin/media/media_files/2025/06/07/ELKggXbm0SrCF2gBfiKk.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত স্বাগত সতীর্থ প'ৰ্টেলৰ অধীনত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণ কৰে। লগতে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ শুভ উদ্বোধন কৰা হয়।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি ড° শৰ্মাই ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলি আৰু মুখ্যমন্ত্রীৰ জীৱন অনুপ্ৰেৰণা আঁচনি কেইখন চৰকাৰৰ অন্যতম কল্যাণকামী আঁচনি বুলি অভিহিত কৰে। তেওঁ কয় যে, ৰাজ্যৰ কৰ্মচাৰীসকলে কাম কৰি থকাৰ সময়ত যি মানসিক সন্তুষ্টিৰ প্রয়োজন হয়, সেইখিনি নিৰন্তৰভাৱে প্রদান কৰিবলৈ দেশত নথকা অথবা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে।
তেওঁ আৰু কয় যে, বিভিন্ন ৰাজ্যত পৰম্পৰাগত সা-সুবিধাসমূহক বাদ দি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে সুকীয়াকৈ কিবা এটা কৰাৰ বাবে চেষ্টা কৰা নাই। কৰ্মচাৰীৰ বাবে থকা নীতি-নিয়মৰ আধাৰতহে কাম কৰি আছে বুলি তেওঁ কয়।
ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ভাৰতৰ ৬ খন ৰাজ্যইহে কেন্দ্রীয় চৰকাৰৰ সমাহাৰত মৰগীয়া ভাট্টা পৰিশোধ কৰি আহিছে বুলি জানিবলৈ দিয়ে। বহু ৰাজ্যত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত যথেষ্ট পার্থক্য আছে বুলিও তেওঁ কয়।
অসমৰ লগত পশ্চিমবংগক তুলনা কৰিলে অসমৰ সৈতে সেই ৰাজ্যখনৰ ৩০ শতাংশ পার্থক্য দেখা যায় বুলিও মন্তব্য কৰে। প্রতিকূলতাৰ মাজতো কৰ্মচাৰীসকলক মানসিক সন্তুষ্টি দিয়াৰ বাবে কেইবাটাও প্রচেষ্টা হাতত লোৱা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই প্রচেষ্টাসমূহ আজি একক আৰু অনুকৰণীয়া ৰূপত প্রতিষ্ঠা হ'বলৈ সক্ষম হৈছে।
/asomiyapratidin/media/media_files/2025/06/07/Jig2Q7Avs6fbhNzfAq1V.jpg)
মুখ্যমন্ত্ৰীয়ে ভাষণত কয়- নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্চতা শিক্ষক নিযুক্তিৰে আৰম্ভ হৈছিল আৰু আৰক্ষীৰে সেই যাত্রা অতিক্রম কৰি লোকসেৱাকে ধৰি প্ৰতিটো চৰকাৰী বিভাগৰ নিযুক্তিত স্বচ্ছতা অনাটো সম্ভব হৈ উঠিছে। এ ডি আৰই পৰীক্ষাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজত সোমাই লোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
তেওঁ নিশ্চয়তা প্ৰদান কৰে যে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এ পি ডি চি এল আৰু অনুসাংগিক কর্পৰেশ্যনসমূহতো যুৱক-যুৱতীয়ে নিযুক্তিৰ ক্ষেত্রত স্বচ্ছতা দেখিবলৈ পাব।
শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থাকোত তেওঁ কম্পিউটাৰৰ জৰিয়তে পাৰস্পৰিক বদলিকৰণৰ ব্যৱস্থা কৰিছিল বুলি মন্তব্য কৰি কয় যে যোৱা প্রায় ৭ টা বছৰ নিৰন্তৰভাৱে বছৰত এবাৰ পাৰস্পৰিক বদলিকৰণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বাবে আবেদন পোৱাৰ পাছত কম্পিউটাৰে আবেদন নির্বাচন কৰি দিয়ে।
/asomiyapratidin/media/media_files/2025/06/07/Z7rmW6QNyfzaxrlELEwb.jpg)
আজি যিসকলে বদলিকৰণৰ আদেশ পত্র গ্রহণ কৰিব, তেওঁলোকে ইজনে-সিজনক চিনি নাপাই বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে যেতিয়ালৈকে কম্পিউটাৰৰ দ্বাৰা অনুমোদন নহয়, তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয় নাথাকে।
শিক্ষা বিভাগত এই সফলতা পোৱাৰ পিছত যোৱা বছৰ মুখ্য সচিবৰ লগত আলোচনা কৰি এই বদলিকৰণৰ ব্যৱস্থাটো স্বচ্ছতাৰে আগবঢ়াই নিয়াৰ বাবে চিন্তা-চৰ্চা কৰা হৈছিল আৰু স্বাগত সতীর্থ প'র্টেল এই চিন্তাৰ ফচল আছিল বুলিও তেওঁ কয়। ৰাজ্যিক ভিত্তিক সংৰক্ষণ, মেধা তালিকা, জ্যেষ্ঠতা আৰু কনিষ্ঠতা আদি বিভিন্ন কাৰিকৰী অসুবিধাৰ কাৰণে এই ক্ষেত্ৰত যিমান কৰিব লাগিছিল সিমান কৰিব পৰা হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে।
ভাষণ প্রসংগত তেওঁ কয় যে কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পাছত আজি ৪,৫০২ টা যৌথ আদেশ পত্র দিয়াটো সম্ভৱ হৈ উঠিছে আৰু ইয়াৰ জৰিয়তে ৯,০০৪ গৰাকী কৰ্মচাৰী উপকৃত হৈছে।
/asomiyapratidin/media/media_files/2025/06/07/cfqq44FQQitGe2ytUCwj.jpg)
আনহাতে আজি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণাৰ নামেৰে এখন আঁচনি শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশেষকৈ মহাবিদ্যালয়ত অধ্যাপক-আধ্যাপিকাৰ নিযুক্তিৰ লগতে আন কামৰ বাবে গৱেষণা অত্যন্ত প্রয়োজনীয় হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰা কেইটামান আঁচনিয়ে ইতিমধ্যে দেশজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, জল সম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, খাদ্য, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্রহ্ম, ৰাজহুৱা আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰয়ৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us