নগাঁও জিলাত সংবিধান হত্যা দিৱস পালন

দেশৰ ইতিহাসত এক ক’লা অধ্যায়ৰূপে পৰিগণিত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ৫০ বছৰপূৰ্তি উপলক্ষে বুধবাৰে সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো সংবিধান হত্যা দিৱস পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
gs

ডিজিটেল সংবাদ, নগাঁও : দেশৰ ইতিহাসত এক ক’লা অধ্যায়ৰূপে পৰিগণিত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ৫০ বছৰপূৰ্তি উপলক্ষে বুধবাৰে সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো সংবিধান হত্যা দিৱস পালন কৰা হয়। এই উপলক্ষে আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবিধান হত্যা দিৱসৰ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত জিলা আয়ুক্ত দেৱাহুতি বৰাই ।

Advertisment

উক্ত কাৰ্যসূচীত নগাঁও মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ মুৰব্বী অধ্যাপিকা ড° সংগীতা বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেখেতৰ বক্তব্যত জৰুৰীকালীন অৱস্থাৰ সময়ত দেশবাসীৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব হোৱাৰ ফলত দেশজুৰি যি এক নৈৰাজ্যময় পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ ওপৰত আলোকপাত কৰে । লগতে তেখেতে কয় যে, গণতন্ত্ৰ সুদীৰ্ঘ কৰিবলৈ হ'লে আমি সংবিধানৰ গুৰুত্ব, মৰ্যাদা আৰু  তাপৰ্য্য অনুধাৱন কৰিব পাৰিব লাগিব ।

উক্ত কাৰ্যসূচীতে জৰুৰীকালীন অৱস্থা প্ৰযোজ্য হোৱাৰ ফলত দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত এখনি চুটিছবিও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত আয়ুক্ত সকল ক্ৰমে- পংকজ ৰাজবংশী, শৌভিক ভূঞা, সহকাৰী আয়ুক্ত সকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল আৰু নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে ।

nagaon