ডিফুত ক’লা দিৱস পালন

বুধবাৰে ডিফুত জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষে  ফাৰ্মাৰ গ্ৰথ চেণ্টাৰৰ প্ৰেক্ষাগৃহত "ব্লেক ডে" শীৰ্ষক এখন সভা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
vcghtf

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : বুধবাৰে ডিফুত জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষে  ফাৰ্মাৰ গ্ৰথ চেণ্টাৰৰ প্ৰেক্ষাগৃহত "ব্লেক ডে" শীৰ্ষক এখন সভা অনুষ্ঠিত কৰা হয়। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ শাসনকালত হোৱা জৰুৰীকালীন সময়চোৱাত সংঘটিত ঘটনাৱলীৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে এই সভাত ৷

Advertisment

সভাত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগতে মুখ্য কাৰ্য্যবাহী ড° তুলিৰাম ৰংহাং, সাংসদ অমৰচিং টিচ,  কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰোলেণ্ড কিলিঙে ক’লা অধ্যায়ৰ বিষয়ে বিশেষভাৱে বক্তব্য আগবঢ়ায়। যুৱনেতা লংচিং টকবীয়ে আঁত ধৰা সভাত বিধায়ক বিদ্যাচিং ইংলেং, প্ৰাক্তন কাৰ্য্যবাহী সদস্য ৰতন টেৰনৰ লগতে বিজেপিৰ কাৰ্য্যকৰ্তা তথা জ্যেষ্ঠ, কনিষ্ঠ নেতাসকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে।

উল্লেখযোগ্য যে, সভাৰ অন্তত এখন সংবাদমেলো সম্বোধন কৰে কে এ এ চিৰ মুখ্য কাৰ্য্যবাহী ড° তুলিৰাম ৰংহাং আৰু ৰামকৃষ্ণ ঘোষে।

ডিফু