/asomiyapratidin/media/media_files/2025/06/27/fgfdgfgfgg-2025-06-27-17-20-01.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চিলাবন্ধা গাঁওপঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ শুকুৰবাৰে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ নদুৱাৰ সম-জিলাৰ সহকাৰী আয়ুক্ত দিব্যাংগনা মহনৰ সভাপতিত্বত অনুষ্ঠিত সভাত দহগৰাকী ৱাৰ্ড সদস্য মাজৰ পৰা জয়ন্ত বৰাক সভাপতি আৰু সংগীতা বৰা হাজৰিকাক উপ সভানেত্ৰী হিচাবে সৰ্ব্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰে ৷ উক্ত অনুষ্ঠানত সহকাৰী আয়ুক্ত গৰাকীয়ে নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক শপতবাক্য পাঠ কৰায় ৷
ইয়াৰ পিছতে উত্তৰ মূঢ়াদল মণ্ডল বিজেপিৰ সভাপতি কিশোৰ দাহালৰ সভাপতিত্বত বিজেপি দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ছিলাবন্ধা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি, উপসভানেত্ৰীৰ লগতে ৱাৰ্ড সদস্য/সদস্যা সকলক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে সততা আৰু নিষ্ঠাৰে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ জনগনৰ সেৱাত আত্মনিয়োগ কৰিবলৈও আহ্বান জনায়। ৰাজহুৱা সভাখনিত অঞ্চলটোৰ বহুকেইগৰাকী বৰ্ষীয়ান নাগৰিকক পঞ্চায়ত প্ৰতিনিধি সকলে ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই আশীষ গ্ৰহণ কৰে ৷ অনুষ্ঠানটিৰ পূৰ্বে বিধায়ক গৰাকীয়ে গাঁওপঞ্চায়তৰ চৌহদত এক বৃক্ষৰোপণ কাৰ্য্যসুচীৰো শুভাৰম্ভ কৰে ৷