Advertisment

বটদ্ৰৱাত জঘন্য কাণ্ড, নাৰ্ছিং হোমৰ পৰাই অপহৰণ নাৰ্ছক….

মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহীতা ছাত্ৰী তিনিগৰাকীৰ লগত ওলাই যোৱাৰ প্ৰায় দুঘণ্টা সময়ৰ পিছতেই ক্ষত-বিক্ষত অৱস্থাত যুৱতী চিকিৎসা কৰ্মীগৰাকীক বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰে।  

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হৈছে এক জঘন্য কাণ্ড । নাৰ্ছিং হোমৰ পৰা এগৰাকী নাৰ্ছক অপহৰণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

Advertisment

২৩ ডিচেম্বৰত কৰ্তব্যস্থলীৰ পৰা তিনি গৰাকী ছোৱালীয়ে অপহৃতা নাৰ্ছগৰাকীক ফুচলাই নিয়াৰ দৃশ্য চি চি কেমেৰাত আবদ্ধ হৈছে । মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহীতা ছাত্ৰী তিনিগৰাকীৰ লগত ওলাই যোৱাৰ প্ৰায় দুঘণ্টা সময়ৰ পিছতেই ক্ষত-বিক্ষত অৱস্থাত যুৱতী চিকিৎসা কৰ্মীগৰাকীক বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰে।

 

উল্লেখযোগ্য যে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । বৰ্তমান নগাঁও মেট্ৰ' হস্পিতালৰ আই চিউত মৃত্যুৰ সৈতে যুঁজি থকা যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে জুৰীয়া মহাবিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰীয়ে আলিটাঙণীৰ জনৈক বিল্লাল খান ওৰফে বিল্লাল উদ্দিনৰ নিৰ্দেশত তেওঁক ফুচলাই নি সোণাইঘাট চলচলিৰ এখন হোটেলত চাওমিন খুৱাইছিল। আৰু তাৰ পাছতেই চেতনাহীন হৈ পৰিছিল যুৱতীগৰাকী ।

পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীয়ে যুৱতীগৰাকীক হানি-খুচি পথৰ দাঁতিত পেলাই থোৱাত অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে যুতীগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰিছে বটদ্ৰবা আৰক্ষীয়ে। ষড়যন্ত্ৰকাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পাছতো এই পৰ্যন্ত কৰায়ত্ত কৰা নাই আচামীক। আনকি ইমান দিনে বটদ্ৰৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা ঘটনা গোপন কৰাৰ অভিযোগ। উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালে আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰে।

বটদ্ৰৱা অপহৰণ কাণ্ড