/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ganvi.png)
ডিজিটেল ডেস্ক: জীৱন মৰণৰ কথা কোনোৱে ক'ব নোৱাৰে।মানুহৰ জীৱনৰ অন্তিম সময় কেতিয়া আহিব কোনোৱে ভাৱিব নোৱাৰে। কিন্তু জীৱনৰ অন্তিম সময়তো আনৰ বাবে সহায় কৰি যোৱা মানুহ সঁচাই নগন্য। এনেধৰণৰ এক ঘটনা সংঘটিত হয় বেংগালুৰত।
বেংগালুৰৰ ২২ বছৰীয়া যুৱতী টি কে গানভি। পেচাত এগৰাকী নাৰ্চ গানভি নিৰ্মলা নাৰ্চিং হোমত কৰ্মৰত অৱস্থাত আছিল। নিজৰ কৰ্তব্যৰ সময়ত কেইবাজনৰ প্ৰতি সেৱা আগবঢ়াই গৈছিল গানভিয়ে।
কিন্তু ৮ ফেব্ৰুৱাৰীৰ দিনা নৈশ ডিউটি কৰি থকাৰ সময়ত প্ৰায় ৩.৩০ বজাত হঠাত অচেতন হৈ পৰে গানভি।লগে লগে গানভিক হস্পাতালত ভৰ্তি কৰোৱা হয় আৰু পাছত বেংগালুৰৰ এখন হস্পতাললৈ প্ৰেৰণ কৰা হয়।
কিন্তু ৪ দিন পাছত অৰ্থাত ১২ ফেব্ৰুৱাৰীত গানভিত ব্ৰেইন ডেড ঘোষণা কৰে চিকিৎসকে। গানভিয়ে নিজৰ জীৱন কালত বহুতৰে জীৱন ৰক্ষাৰ নামত যথেষ্ঠ অৱদান আগবঢ়াইছিল ,সেই গানভিয়ে মৃত্যুৰ পাছতো কৰি গ'ল সৰ্বোত্তম ত্যাগ।
দান কৰা হ'ল গানভিৰ অংগ। ব্ৰেইন ডেডৰ খবৰ পোৱাৰ পাছতেই গানভিৰ পৰিয়ালে স্বইচ্ছাই কৰিলে গানভিৰ অংগ দান। গানভিৰ সকলো অংগ ত্যাগ কৰিছিল যদিও কেৱল যকৃত,বৃক্ক আৰু হাৰ্টৰ ভালভে ব্যৱহাৰ কৰিব পাৰিছিল। গানভি আৰু তেওঁৰ পৰিয়াল কৰ্মক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে।