নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

সৰ্বাধিক বিক্ৰীৰ লেনদেন
numoligarh refinery limited agm
numoligarh refinery limited agm

ডিজিটেল সংবাদ নুমলীগড়ঃ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন গুৱাহাটীৰ এন আৰ এল কৰ্পৰেট কাৰ্যালয়ত ১৯ ছেপ্টেম্বৰ, ২০২২ত অনুষ্ঠিত হয়। এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি ড০ আৰ ৰথৰ সভাপতিত্বত অনুষ্ঠিত সভাত এন আৰ এলৰ এম ডি শ্রী বি জে ফুকন, এন আৰ এল ব'ৰ্ডৰ অন্যান্য সদস্য আৰু কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকল উপস্থিত থাকে।

কোম্পানীয়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০% লভ্যাংশ ঘোষণা কৰিছে (প্রতি ১০ টকাৰ সম্পূৰ্ণ পৰিশোধ কৰা ইকুইটি শ্বেয়াৰত ১৫.০০ টকাকৈ )। এই লভ্যাংশ কোম্পানীয়ে বছৰটোৰ ভিতৰত ইতিমধ্যে অন্তৱৰ্তীকালীন লভ্যাংশ হিচাপে প্ৰদান কৰিছে।

কোম্পানীয়ে ২০২১-২২ বিত্তীয় বৰ্ষটো সফলতাৰে সম্পন্ন কৰে। প্ৰত্যাহ্বান আৰু অনিশ্চয়তা সত্ত্বেও স্থিতিস্থাপকতা, গ্রহণযোগ্যতা, শক্তিশালী ব্যৱস্থা আৰু পদ্ধতিসমূহৰ বলত এই সফলতা সম্ভৱ হয়। কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলক সম্বোধন কৰি অধ্যক্ষ ড° আৰ ৰথে কয় যে, 'এন আৰ এলে ৰূপায়ণ কৰি থকা ডাঙৰ ডাঙৰ প্রকল্পসমূহ সম্পন্ন কৰাৰ ক্ষেত্ৰত দৃঢ়প্রতিজ্ঞ। এই প্রকল্পসমূহৰ ভিতৰত নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্রকল্প, পাৰাদ্বীপ নুমলীগড় খাৰুৱা তেল পাইপলাইন আৰু পাৰাদ্বীপত খাৰুৱা তেল আমদানি টার্মিনেল, ২জি ইথানল প্রকল্প আৰু ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন প্রমুখ।

তেওঁ লগতে কয় যে, কোম্পানীটোৱে অহা ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই প্রকল্পসমূহৰ সফল ৰূপায়নে দীর্ঘম্যাদী ব্যৱসায়িক বৃদ্ধি সক্ষম কৰাৰ লগতে ৰাজহ আৰু লাভৰ দিশতো অগ্রগতি লাভ কৰিব। সেয়েহে অতিৰিক্ত সময় আৰু ব্যয় নোহোৱাকৈ এই প্রকল্পসমূহ সম্পূৰ্ণ কৰাটো কোম্পানীটোৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।

ভৌতিক আৰু বিপণন প্রদর্শনঃ

বিত্তীয় বৰ্ষ ২০২১-২২ৰ সময়ছোৱাত নুমলীগড় ৰিফাইনেৰীয়ে ২৩ টিএমটি আমদানি কৰা খাৰুৱা তেল অন্তর্ভুক্তিৰে ২,৬২৪ টিএমটিৰ থ্ৰুপুট লাভ কৰিছে। শোধনাগাৰে প্ৰথম বছৰতে ১,১২২ কে এল ইথানল মিক্ৰণেৰে নিজৰ শিলিগুৰি আৰু নুমলীগড় মার্কেটিং টার্মিনেলত মটৰ স্পিৰিট (পেট্রল)ত ১০% ইথানলৰ মিক্ৰণ কৰিবলৈ সক্ষম হয়। ই চলিত বিত্তীয় বৰ্ষত আৰু অধিক গতি লাভ কৰিছে।

Specific Energy Consumption (SEC) আৰু Energy Intensity Index(EII)ৰ ক্ষেত্ৰত শোধনাগাৰটোৱে আকৰ্ষণীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ৬৩.৫১ এম বি এনত Specific Energy Consumption (SEC) বিগত বছৰত ৬৪.৩৭ এম বি এনলৈ বৃদ্ধি হৈছে। এই বৰ্ষত শোধনাগাৰটোৰ Energy Intensity Index (EII) ৮৪.৬৮ আছিল।

বছৰটোত ২,৭৯৯ টিএমটি সামগ্রী বিক্রী হয়, বিগত বছৰত ইয়াৰ পৰিমাণ ২,৯২৪ টিএমটি আছিল। উত্তৰ-পূবৰ ভিতৰত ১,০৯০ টিএমটিত বিক্ৰীয়ে বিগত বৰ্ষৰ ৮১৭ টিএমটি (২৮% মুঠ বিক্ৰীৰ)ৰ বিপৰীতে উল্লেখযোগ্য বৃদ্ধি (মুঠ বিক্ৰীৰ ৩৯%) চিহ্নিত কৰিছে, যিয়ে CST আৰু মালবাহী আনডাৰ ৰিকুৱেৰিৰ হিচাপত সঞ্চয় হয়। বছৰটোৰ ভিতৰত বিক্ৰীত বাংলাদেশলৈ ৰপ্তানি কৰা ৫৬ টিএমটি গেছ তেল আৰু বাহ্যিক উৎসৰ পৰা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বিচিপিএল) লৈ ১২৫ টিএমটি নাফথা বিক্ৰী কৰা হয় ।

বিত্তীয় প্রদর্শনঃ

কোম্পানীটোৱে এই বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ ১৮,৫৪৮ কোটি টকাৰ বিপৰীতে ২৬.৯৫% অধিক ২৩,৫৪৬ কোটি টকাৰ সৰ্বাধিক বিক্ৰীৰ লেনদেন (টার্ণ অ'ভাৰ) কৰিবলৈ সক্ষম হৈছে যি মূলতঃ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে হয়। কোম্পানীয়ে পূৰ্বৰ ৪,০৮৩ কোটি টকা লাভৰ এই বৰ্ষত ১৮.৩৭% অধিক ৪,৮৪৮ কোটি টকা সৰ্বাধিক অৰ্জন কৰিবলৈ সক্ষম হয়। যি মূলতঃ সামগ্রিক গ্র'ছ মার্জিন বৃদ্ধি আৰু অধিক Inventory gains ৰ বাবে হয়। কোম্পানীটোৱে যোৱা বছৰটোত ৩,০৩৬ কোটি টকাৰ তুলনাত এই বছৰ ৩,৫৬২ কোটি টকাৰ মুঠ লাভ পঞ্জীয়ন কৰে। সেই অনুসৰি মুঠ লাভৰ বৃদ্ধিৰ পৰিমান ৫২৫ কোটি টকা হৈছে।

কোম্পানীটোৰ নেট ৱৰ্থ ৩১ মার্চ, ২০২২ তাৰিখলৈকে বিগত বৰ্ষত ৫,৫৯৬ কোটি টকাৰ তুলনাত ৮,৩৮৮ কোটি টকালৈ বৃদ্ধি পাইছে। কোম্পানীটোৱে কৰ, শুল্ক আৰু লভ্যাংশৰ ৰূপত ৫,৮০৯ কোটি টকাৰ বৰঙণি চৰকাৰী ৰাজকোষলৈ আগবঢ়াইছে।

মূলধনী বিনিয়োগ আৰু প্ৰকল্পঃ

এন আৰ এলে অহৰহ প্ৰয়াসেৰে বৃহৎ বৃহৎ প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে। এই প্রকল্পসমূহৰ ভিতৰত নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, পাৰাদ্বীপ নুমলীগড় খাৰুৱা তেল পাইপলাইন আৰু পাৰাদ্বীপত খাৰুৱা তেল আমদানি টার্মিনেল, ২জি ইথানল প্ৰকল্প আৰু ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন প্রমুখ।

কোম্পানীটোৱে অহা ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই প্রকল্পসমূহৰ সফল ৰূপায়নে দীৰ্ঘম্যাদী ব্যৱসায়িক বৃদ্ধি সক্ষম কৰাৰ লগতে ৰাজহ আৰু লাভৰ দিশতো অগ্ৰগতি লাভ কৰিব। অতিৰিক্ত সময় আৰু ব্যয় নোহোৱাকৈ এই প্রকল্পসমূহ সম্পূৰ্ণ কৰাটো কোম্পানীটোৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।

এনআৰএলে এতিয়ালৈকে সর্বাধিক ৩,৬০৫ কোটি টকাৰ স্বতন্ত্র মূলধনী ব্যয় ৰেকৰ্ড কৰে। এই বৃদ্ধি পূর্ববর্তী ২০২০-২১ বিত্তীয় বৰ্ষৰ ১,০২৯ কোটি টকাৰ তুলনাত ৩ গুণ অধিক। প্রজেক কেপে'ৰ (CAPEX)উপৰিও এন আৰ এলে Joint Ventures - এবিআৰপিএল আৰু আইজিজি এলত ৩৮.৫৪ কোটি টকাৰ ইকুইটি বিনিয়োগ কৰিছে।

ডিজিটেল পদক্ষেপ :

ডিজিটেল ৰূপান্তৰ ক্ষেত্ৰত এখোজ আগুৱাই তেল আৰু গেছ খণ্ডৰ এন আৰ এল প্ৰথমটো PSU খণ্ড SAP ECC 6.0 ERPৰ পৰা 5/4 HANA ERPলৈ উন্নিত হৈছে। ৰূপায়ণকাৰী সংস্থাটোক সম্পূর্ণ ৰিম'ট মোডত জড়িত কৰি প্ৰকল্পটো সম্পূৰ্ণ কৰা হয়। প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰি এন আৰ এলৰ প্ৰভৃিতি প্ৰদৰ্শন কৰাত সমৰ্থ হৈছে।

সম্পদৰ চেনেলীকৰণৰ বাবে সঠিক প্ৰকল্প নিৰীক্ষণ আৰু সময়মতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছে। কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰিবলৈ, শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ সৈতে খাপ খুৱাবলৈ আৰু নতুন ব্যৱসায়ত দখল লাভ কৰিবলৈ, অতিৰিক্ত বৈশিষ্ট্যসমূহো ৰূপায়ণ কৰা হৈছিল ।

কর্পোৰেট সামাজিক দায়বদ্ধতাঃ

সামূহিক উন্নয়ন আৰু সৰ্বজন হিতার্থে এন আৰ এলে কোম্পানীটোৰ কর্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে। যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেল (জে এম চি এইচ)ত ১২০ খন বিচনাযুক্ত অস্থায়ী ক’ভিড হাস্পতাল এখন স্থাপনকে ধৰি মাজুলীৰ অসামৰিক চিকিৎসালয়ত ৫খন বিচনাযুক্ত এটা আই চি ইউ ৱাৰ্ড স্থাপন কৰে। বছৰটোৰ অন্য এক উল্লেখযোগ্য দিশ হৈছে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে এন আৰ এলে বৰপেটা মেডিকেল কলেজ হাস্পতালত ৰেডিয়চন ব্লক স্থাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in