/asomiyapratidin/media/media_files/2025/04/17/9UOkBNYYdhI4vcjF2GiS.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ ড্ৰাগছৰ মুখ্য ঘাটিত পৰিণত হৈছে নুমলীগড়। বৰবিহ ড্ৰাগছ সেৱনৰ ভয়াৱহ পৰিণতি স্বৰূপে নুমলীগড়ৰ ২ নং পংকাগ্ৰাণ্টত এজন যুৱকৰ মুখত শিল-বালি ভৰাই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত।
নুমলীগড় গ্ৰাম্য আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে নাই লোৱা ব্যৱস্থা। ঘটনাৰ ১৬টা দিনৰ পিছতো ধৰিব নোৱাৰিলে অভিযুক্তক। ঘটনাৰ বিৱৰণ অনুসৰি, কৰ্মসূত্ৰে চেন্নাইত থকা ২ নং পংকাগ্ৰাণ্টৰ নিবাসী গগণ মাহাতো নামৰ যুৱকজনৰ ক'ৰ্টত পূৰনি মাৰপিটৰ এটা কেচৰ তাৰিখ আছিল ১৩ এপ্ৰিলত। সেয়ে যোৱা ১ এপ্ৰিলৰ দিনা ঘৰলৈ আহিছিল।
দিনৰ ১ বজাত ঘৰত উপস্থিত হোৱাৰ লগে লগেই বিৰাজ প্ৰধান নামৰ এজন বন্ধুৱে গগনক ঘৰৰ পৰা লৈ যায়। পিছত ৩.৩০ বজাত গগন মদ খাই কাষৰে ধলাজনৰ ওচৰত পৰি আছে বুলি সিয়ে আহি ঘৰত খবৰ দিয়ে। ইয়াৰ লগে লগে পৰিয়ালৰ লোকে গৈ দেখে যে শিল-বালিৰে নাক আৰু মুখ ভৰি আছে। ইয়াৰ পিছতে ভিকে-এন আৰ এল চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
যিহেতু পূৰ্বৰ কেচত বিৰাজো জড়িত আছিল। পৰিয়ালৰ লোকে বিৰাজ প্ৰধানে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰে। কিন্তু, পূৰ্বতেও হত্যাৰ সৈতে জড়িত বিৰাজে হাতত চুৰি-কটাৰী লৈয়ে ঘূৰি-ফুৰে। বহুতো চুৰি কাণ্ডৰ সৈতেও জড়িত।
বিৰাজৰ ভয়ত পূৰ্বতে ভুক্তভোগী পৰিয়ালে একো কথাই প্ৰকাশ কৰা নাছিল। কিন্তু ৩ এপ্ৰিলৰ দিনা নুমলীগড় থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়েও কোনো ব্যৱস্থা নকৰি হাত- সাৱটি বহি থাকে। অৱশেষত পৰিয়ালটোৱে উপায়ন্তৰ হৈ সাংবাদিকৰ কাষ চপাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে।
কাণ্ড-জ্ঞানহীন বৰ্তমানৰ নুমলীগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন দাসে পূৰ্বেও হেণ্ডকাফ লগাই গাড়ীত বহুৱাই থোৱা চোৰ পলাই গৈছিল। মতগর্বি আৰক্ষী বিষয়া গৰাকীয়ে নুশুনে সাধাৰণ ৰাইজৰ অভিযোগ। ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ ক্ষেত্ৰতো হৈছে সম্পূৰ্ণ বিফল।
নুমলীগড় থানাৰ এলেকাত আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুবিধা লৈ দৈনিক বাঢ়িছে চুৰিকে ধৰি অন্যান্য বে-আইনী কাম-কাজ। এই বিষয়াই দৰিদ্ৰ পৰিয়ালক ন্যায় দিবলৈ চেষ্টাই নকৰা বুলিও চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us