/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b4521394-f3c1-425c-a108-7bb2affd5a5a/7.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ নুমলিগড় শোধনাগাৰৰ পৰা শিলিগুৰিলৈ যোৱা খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই সংগোপনে ভাল্ভ স্থাপন কৰি তেল চুৰি চক্ৰই খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য বুধবাৰে বিয়লি পোহৰলৈ আহিছে।
তাৎপৰ্যপূৰ্ণ বিষয় যে নুমলীগড় চাহ বাগিছা সমীপৰ ৰাংচালী অঞ্চলত পূৰ্বতেও দুষ্ট চক্ৰই মাটি তলেৰে যোৱা পাইপ লাইন ফুটাই তাত ভাল্ভ স্থাপন কৰি তেল চুৰি কৰি আহিছে যদিও আজি পৰ্যন্ত তেল চুৰি চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d1586f22-bca4-47db-83f8-e81f2fc7d480/6f32e123-3e16-4910-a2cf-43c5560fd4fc.jpg)
কিয়নো মাটিৰ পৰা প্ৰায় ছফুট তলত থকা তেল পৰিবাহী পাইপ অতি নিখুঁতভাৱে ফুটাই পাইপত ভাল্ভ সংযোগ কৰালৈ চাই অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু ইয়াত এটা বৃহৎ প্ৰভাৱশালী চক্ৰ জড়িত আছে।
কাৰণ প্ৰায় এটা বছৰ আগতে উক্ত স্থানতে লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল।এই ঘটনা সন্দৰ্ভত পাইপ লাইন নিৰক্ষণত থকা লোকজনে বিভাগীয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল যদিও গোলাঘাট আৰু নুমলীগড় আৰক্ষীৰ তৰফৰ পৰা ৰহস্যজনক ভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/aa1cdc43-12b2-45b2-bb90-c0247ed88a07/60a045f4-8dd2-4dcf-a1a2-eaf7aa6328a1.jpg)
চিন্তনীয় বিষয় যে এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত সময়ে সময়ে এইদৰেই পাইপ ফুটাই তেল চুৰি কৰি আহিছে।জিলাখনৰ বাদুলিপাৰত ২০২৩ বৰ্ষত বাদুলিপাৰ পাম্পিং ষ্টেচনৰ সমীপত দুবাৰকৈ আৰু বাদুলিপাৰ উজনি বহুপথাৰ অঞ্চলতো দুবাৰকৈ পাইপ লাইন ফুটাই খাৰুৱা তেল চুৰি কৰিছিল দুষ্ট চক্ৰটোৱে।
তাৰপাছতো দুষ্ট চক্ৰটোৰ শুংসূত্ৰ উলিওৱাত ৰহস্যজনক ভূমিকা প্ৰদৰ্শন কৰি আহিছে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনে।আনহাতে বুধবাৰে নুমলীগড়ত পুনৰ মাটিৰ তলেৰে যোৱা পাইপ লাইন ফুটাই ক্ৰুড অইল চুৰি হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এই বৃহৎ প্ৰভাৱশালী চক্ৰটোক কৰায়ত্ব কৰিবলৈ দাবী কৰিছে সচেতন ৰাইজে।
Also Read: ৩৮ টা স্বস্তিক আঁকি এছিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত ধ্যানীদৃষ্টি কাশ্যপৰ