দাঁত, নেগুৰ একোৱেই নাই! নুমলীগড়ত ঢেঁকীয়াপতীয়া বাঘৰ মঙহ বিচাৰি মানুহৰ ভিৰ...

নুমলীগড়ৰ দুখুঁটিমুখত হানিখুচি জীৱশ্ৰেষ্ঠই হানিখুচি হত্যা কৰিলে এটা  ঢেঁকীয়াপতিয়া বাঘক।জীৱশ্ৰেষ্ঠই হানি খুচি হত্যা কৰিলে বাঘটো।যোৱা কেইবামাহৰ  পৰা উক্ত অঞ্চলত বাঘটোৱে মানুহ আক্ৰমণ কৰি

New Update
uyuyjjjjjjj

ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড়ৰ দুখুঁটিমুখত হানিখুচি জীৱশ্ৰেষ্ঠই হানি-খুচি হত্যা কৰিলে এটা  ঢেঁকীয়াপতিয়া বাঘক।জীৱশ্ৰেষ্ঠই হানি খুচি হত্যা কৰিলে বাঘটো।

Advertisment

যোৱা কেইবামাহৰ  পৰা উক্ত অঞ্চলত বাঘটোৱে মানুহ আক্ৰমণ কৰি, পোহনীয়া গৰু,ছাগলী ভক্ষণ কৰি উপদ্ৰৱ চলাই এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। কিছুদিন পূৰ্বে এই বাঘটোৱেই বুধে চাপৰিত এজন লোকক মানুহ আক্ৰমণ কৰি ভক্ষণ কৰাৰ সন্দেহ কৰিছে ৰাইজে।

ফলত অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ। আজি পুনৰ বাঘটো প্ৰত্যক্ষ কৰাত খেদি খেদি হানি খুচি হত্যা কৰে বাঘটো।ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ ও গোলাঘাট জিলা DFO ৰ লগতে বনবিভাগৰ এটি দল উপস্থিত বাঘটো উদ্ধাৰ কৰি  তদন্ত আৰম্ভ কৰিছে।

ক্ষোভিত ৰাইজে বাঘটোৰ আগ ভৰি দুখন নেগুৰ,আৰু দাঁত আদি কাটি লৈ যায়।

গোলাঘাট বন বিভাগ