ডিজিটেল সংবাদ,গোলাঘাট: অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড় শোধনাগাৰত কেতিয়া আৰম্ভ হ'ব অসম জৈৱ শোধনাগাৰ প্ৰকল্পৰ উৎপাদনৰ কাম ? তৈলজাত সামগ্ৰীত ইথানল ব্যৱহাৰৰ চিন্তাৰে আৰু প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে দেশৰ ভিতৰতে বৃহৎ এই বায়' ৰিফাইনেৰী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সেই অনুসৰি অসম ইথানল প্ৰাইভেট লিমিটেড চমুকৈ ABEPLয়ে ২০১৮ বৰ্ষতে নুমলীগড় শোধনাগাৰৰ চৌহদত আৰম্ভ কৰে এই বায়' ৰিফাইনেৰীৰ কাম। প্ৰথম অৱস্থাত প্ৰায় চাৰি বছৰৰ ভিতৰত নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ লক্ষ্য আগত ৰাখি প্ৰায় ৮০০ কোটি টকা ধাৰ্য কৰিছিল। জানিব পৰা মতে বিগত প্ৰায় ৬ টা বছৰে এই প্ৰকল্পৰ কাম অব্যাহত ৰাখি ৪২০০ কোটিলৈ বৃদ্ধি কৰা হয় ব্যয়ৰ পৰিমাণ। ২০২৫ চনৰ মাৰ্চ মাহত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লক্ষ্য ৰাখিছে কৰ্তৃপক্ষই।
ইফালে তেতিয়ালৈ ব্যয়ৰ পৰিমাণ অধিক বৃদ্ধি হৈ ৫০০ কোটি টকা হ'ব পাৰে বুলি আশংকা কৰা হৈছে। নুমলীগড় শোধনাগাৰৰ লগতে ফিনলেণ্ডৰ দুটা কোম্পানী ক্ৰমে ফৰ্টুম আৰু চেম্পোলিছে অব্যাহত ৰাখিছে বায় ৰিফাইনেৰীৰ নিৰ্মাণৰ কাম। এই বায়' ৰিফাইনেৰীৰ উৎপাদনৰ কাম আৰম্ভ হ'লে ১০০০ৰ পৰা ১৫০০ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব।
বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰিবলৈ হ'লে বছৰি প্ৰায় ৫ লাখ টন বাঁহৰ প্ৰয়োজন হ'ব। ৰাজ্যত বৰ্তমান সময়ত বাঁহৰ উৎপাদন একেবাৰে কমি অহাৰ দিশটোলৈ লক্ষ্য কৰিলে উৎপাদন প্ৰক্ৰিয়াত স্থবিৰতা আহি পৰিব নেকি বুলিও বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু বৰ্তমান সময়ত কেৱল কাৰ্বি আংলং জিলাতহে বাঁহৰ উৎপাদন আছে বুলি তথ্য লাভ কৰা হৈছে। তেনে ক্ষেত্ৰত বাঁহ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যজুৰি এক আঁচনি গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আছে।
ইফালে জাগীৰোডৰ কাগজ কল বন্ধ হৈ পৰাৰ পাছত কাৰ্বি আংলং জিলাকে ধৰি বহুকেইখন জিলাৰ পৰা বাঁহ বহিঃ ৰাজ্যলৈ চালান হৈ আহিছে বুলিও এক সূত্ৰত প্ৰকাশ। নুমলীগড় শোধনাগাৰত নিৰ্মাণ হৈ থকা বায়' ৰিফাইনেৰীৰ উৎপাদনৰ কাম আৰম্ভ হ'লেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰাৰ লগতে উৎপাদিত বাঁহৰ চাহিদা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
এতিয়া প্ৰশ্ন হৈছে এই বায়' ৰিফাইনেৰীৰ কাম ২০১৮ চনতে আৰম্ভ কৰি বৰ্তমানেও উৎপাদনৰ কাম আৰম্ভ কৰিব পৰা নাই কিয়? বাৰে বাৰে প্ৰকল্প নিৰ্মাণৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰি থকাৰ পাছতো বিগত প্ৰায় ৬ টা বছৰে সম্পূৰ্ণ হোৱা নাই কিয়? প্ৰয়োজনীয় কেঁচা মালৰ অভাৱত উৎপাদন প্ৰক্ৰিয়াত ভৱিষ্যতে স্থবিৰতা আহিব পাৰে নেকি? বাঁহ উৎপাদনৰ ক্ষেত্ৰত কৃষকৰ সৈতে বাঁহ ৰোপন সম্পৰ্কে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে নে? এতিয়া সচেতন নাগৰিকৰ প্ৰশ্ন।