নুমলীগড় উঃ মাঃ বিদ্যালয় পৰিদৰ্শন শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তৰ...

বৰ্তমান ১০২৬ জন মুঠ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনৰ শিক্ষকৰ নাটনিৰ বিষয়টোও তেঁও কম সময়ৰ ভিতৰতে সমাধান কৰাৰ বাবে পোষকতা কৰে

author-image
Asomiya Pratidin
New Update
নুমলীগড় উঃ মাঃ বিদ্যালয় পৰিদৰ্শন শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তৰ...

ডিজিটেল সংবাদ,নুমলীগড়ঃ শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে। বিশেষকৈ চাহ বাগিচা আৰু জনজাতি লোকৰ অধ্যুষিত এলেকাৰ এই বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা, আন্তঃগাঠনি, আৰু ছাত্ৰ ছাত্ৰীৰ সন্তোষজনক উপস্থিতিৰ হাৰ দেখি প্ৰশংসা কৰে।

Advertisment

উল্লেখ্য যে, অসমীয়া মাধ্যমৰ এনে চৰকাৰী বিদ্যালয় বৰ্তমান সময়ত আদৰ্শ। তেওঁ বিদ্যালয়ৰ শ্ৰেণীকোঠাত গৈ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক বাতাৰণৰ বুজ লয়। বিদ্যালয় খনত থকা কলাকৃষ্টি কুটিৰ, বিজ্ঞান লেবৰেটৰী, স্মাৰ্ট ক্লাচ আদি পৰিদৰ্শন কৰি প্ৰশংসা কৰে শিক্ষা উপদেষ্টা গৰাকীয়ে।

বৰ্তমান ১০২৬ জন মুঠ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনৰ শিক্ষকৰ নাটনিৰ বিষয়টোও তেঁও কম সময়ৰ ভিতৰতে সমাধান কৰাৰ বাবে পোষকতা কৰে। ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ কৰাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষৰ লগতে পৰিচালনা সমিতিৰ সৈতেও আলোচনাত মিলিত হয় শিক্ষা উপদেষ্টাগৰাকী। পৰিদৰ্শন কালত ননী গোপাল মহন্তক সংগ দিয়ে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমিৰন বৰা, বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুদ্ৰ শইকীয়াই সহযোগ কৰে।

assam assam education dept numaligarh nani gopal mahanta