আন্তৰ্জাতিক নাৰী দিৱস : অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ...

অসম ডাউন- টাউন বিশ্ববিদ্যালয় আৰু ডাউন টাউন হাস্পতালৰ সহযোগত শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নাৰী দিৱসৰ লগত সংগতি ৰাখি মহিলাসকলৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ

অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ

ডিজিটেল ডেস্ক : অসম ডাউন- টাউন বিশ্ববিদ্যালয় আৰু ডাউন টাউন হাস্পতালৰ সহযোগত শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নাৰী দিৱসৰ লগত সংগতি ৰাখি মহিলাসকলৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয়।

উল্লেখযোগ্য যে মহিলাসকলক সুস্বাস্থ্য কৰি ৰখাৰ উদ্দেশ্যে এই শিবিৰ অনুষ্ঠিত কৰা হয়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২-০০ বজালৈ অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰটিত বিনামূলীয়াকৈ অত্যাৱশ্যকীয় চিকিৎসা সেৱা আগবঢ়োৱা হয়। 

অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ
অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ

শিবিৰটিত অংশগ্ৰহণ কৰা ১০০ গৰাকী মহিলাৰ ৰক্তচাপ জোখা, ৰেণ্ডম ব্লাড চুগাৰ পৰীক্ষা, ফিজিঅ’থেৰাপি স্ক্ৰীনিং, খাদ্যৰ পৰামৰ্শ, চকুৰ পৰীক্ষা, হিম’গ্লবিন পৰীক্ষা আদিকে ধৰি কেইবাটাও স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে এই স্বাস্থ্য শিবিৰটি সুচাৰুৰূপে সম্পন্ন কৰা ডাউন টাউন হাস্পতালৰ চিকিৎসক তথা কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ
অসম ডাউন- টাউন বিশ্ববিদ্যালয়ত মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ

ইফালে উদ্যোক্তাসকলে সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যতেও এনে পদক্ষেপ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানত স্বাস্থ্যসেৱা, শিক্ষা আদিৰ জৰিয়তে মহিলা সবলীকৰণৰ প্ৰতি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক আলোকপাত কৰা হয়।

আন্তৰ্জাতিক নাৰী দিৱস Assam Down Town University