ঢকুৱাখনাত এন এইছ এম কৰ্মচাৰীৰ কৰ্মবিৰতি

সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাআৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইছ এমৰ বিষয়া কৰ্মচাৰী সকলে বুধবাৰে দিনটো কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নিজ নিজ স্বাস্থ্য খণ্ডত অৱস্থান ধৰ্মঘট পালন কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গুৰুত্বপূৰ্ণ সাৰ্বজনীন ভূমিকা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ঘোষিত বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত বৰেণ্য অৱদান আগবঢ়াই অহা এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ উৎস্বৰ্গিত সেৱাৰ বিপৰীতে যথাযোগ্য মৰ্য্যাদা প্ৰদানত ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বেপৰোৱা ভূমিকা। 

ৰাজ্যখনৰ নিয়মীয়া স্বাস্থ্য বিষয়া কৰ্মচাৰী সকলৰ সমানেই অৰ্হতা আৰু কৰ্তব্যৰে নিৰন্তৰ চৰকাৰী সেৱা আগবঢ়াই অহা এন এইচ এম কৰ্মচাৰী সকলৰ প্ৰতি বিগত প্ৰায় ২০০৬ চনৰ পৰাই প্ৰতাৰণামূলক স্থিতি লৈ অহা ৰাজ্য চৰকাৰৰ এনে দুটা দশক জোৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হয় । সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যান সন্থা (এন এইচ এম )আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এন এইছ এমৰ বিষয়া কৰ্মচাৰী সকলে বুধবাৰে দিনটো কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নিজ নিজ স্বাস্থ্য খণ্ডত অৱস্থান ধৰ্মঘট পালন কৰে।

ৰাজ্যখনৰ কৰ্মচাৰী সকলক পে' স্কেলৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰি যুগ যুগ ধৰি নিয়মীয়া সেৱা আগবঢ়াই অহা বিষয়া কৰ্মচাৰী সকলক সম কামৰ সম বেতন প্ৰদান কৰা, এন এইচ এমৰ কৰ্মচাৰী সকলক স্বাস্থ্য বিভাগত খালি হৈ থকা পদত প্ৰত্যক্ষ ভাবে নিযুক্তিৰ ব্যৱস্থা কৰা, সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰী সকলক ই পি এফ ৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৫ টা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

 লখিমপুৰ জিলাৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ লগতে ঘিলামৰা স্বাস্থ্য খণ্ডৰো সকলো বিষয়া কৰ্মচাৰীয়েও বুধবাৰে কৰ্মবিৰতিৰে প্ৰাপ্য আদায়ৰ গণতান্ত্ৰিক সংগ্ৰামখনত নামি পৰাত দুয়োটা স্বাস্থ্য খণ্ডৰ স্বাভাৱিক সেৱাত ব্যাপক ব্যাঘাত জন্মে । ঢকুৱাখনা খণ্ডৰ কৰ্মচাৰী সকলে ঢকুৱাখনাস্থ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ হাতত দাবী সম্বলিত প্লে কাৰ্ডলৈ নাৰ্য প্ৰাপ্য আদায় দিয়াৰ ঐক্যবদ্ধ দাবী উত্থাপন কৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ধাৰাবাহিক অবিচাৰৰ তীব্ৰ সমালোচনা কৰে।

এন এইচ এম কৰ্মচাৰী সন্থাৰ ঢকুৱাখনা জিলা সন্থাৰ সভাপতি ডাঃ আনাৰুল হক ,সম্পাদক আফজালুৰ ৰহমান, খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুকে প্ৰমুখ্য কৰি অৰ্ধ শতাধিক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যতঃ অচল কৰি তোলে খণ্ডটোৰ বিভাগীয় কাম কাজ । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ মেৰুদণ্ড স্বৰূপ এন এইচ এম কৰ্মচাৰী সকলৰ  দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতি গ্ৰহণ কৰি আহিছে দায়িত্বহীন ভূমিকা।

ইফালে, স্বাস্থ্যমন্ত্ৰী গৰাকীয়েও কেৱল প্ৰতাৰণা প্ৰবঞ্চনাপূর্ণ আলোচনা কৰি সন্থাক আশাহত কৰি আহিছে। বাৰম্বাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী ,মুখ্য সচিব, বিভাগৰ পৰিচালন সঞ্চালক ,অন্যান্য বিধায়ক সকলক এই সন্দৰ্ভত অৱগত কৰাৰ পাছতো অন্ধমুনিৰ ভাও লোৱা দায়িত্বশীল পক্ষৰ দায়িত্বহীন স্থিতিত অতিষ্ঠ কৰ্মচাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰা বুলিকৈ প্ৰাপ্য অনাদায়ে এই অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে।

স্বাস্থ্য স্বাস্থ্য বিভাগ