শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰ নৃপেন শৰ্মা আৰু নাই...

ৰাজ্যৰ বিশিষ্ট উদ্যোগী নৃপেন শৰ্মা আৰু নাই। মঙলবাগে বিয়লি প্ৰায় ৫-২৩ বজাত আজি শৰ্মাই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰ নৃপেন শৰ্মা আৰু নাই...

ডিজিটেল ডেস্কঃ বিশিষ্ট উদ্যোগী নৃপেন শৰ্মা আৰু নাই। মঙলবাগে বিয়লি প্ৰায় ৫-২৩ বজাত আজি শৰ্মাই গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, বিশিষ্ট উদ্যোগী নৃপেন শৰ্মা আছিল ৰাজ্যৰ প্ৰিণ্টিং উদ্যোগৰ অন্যতম লেখতলবলগীয়া ব্যক্তি। তেওঁ আছিল শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰ।

প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী তথা ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ দ্বাৰা সম্পাদিত বুধবাৰ কাকতৰ অন্যতম প্ৰিণ্টাৰ আছিল প্ৰয়াত নৃপেন শৰ্মা। সেই অনুসৰিয়েই তেওঁ আছিল অসমৰ সমাজ, ৰাজনীতি, সংবাদ আদি ক্ষেত্ৰৰ এক ঐতিহাসিক সময়ৰ সাক্ষী।

শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমতো বহুজনে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আজি মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

পৰাগ দাস গুৱাহাটী