দিল্লীৰ চৰকাৰী বিদ্যালয়ক অনুকৰণ! লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব হেপীনেছ পাঠ্যক্ৰম…

দিল্লীৰ চৰকাৰী বিদ্যালয়ক অনুকৰণ! লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব হেপীনেছ পাঠ্যক্ৰম…

author-image
asomiyapratidin
New Update
দিল্লীৰ চৰকাৰী বিদ্যালয়ক অনুকৰণ! লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব হেপীনেছ পাঠ্যক্ৰম…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ পিছত লক্ষ্ণৌ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব ইডুকেশ্যন ফ'ৰ হেপীনেছ ক'ৰ্চ। বিশ্ববিদ্যালয়খনৰ মাষ্টাৰ অৱ ইডুকেশ্যন পাঠ্যক্ৰমৰ অন্তৰ্গত হ'ব এই ক'ৰ্চ। শিক্ষাবিভাগৰ অধ্যাপিকা অমিতা বাজপেয়ীয়ে এই কথা সদৰি কৰিছে। ভাৰতীয় পৰম্পৰাৰ সৈতে সাঙুৰ খুৱাই ছাত্ৰ-ছাত্ৰীসকলক সুখৰ প্ৰধান ধাৰণা সম্পৰ্কে জ্ঞাত কৰোৱাৰ বাবে এই পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব।

Advertisment

একাডেমিক কাউন্সিলৰ অনুমতি পালেই আৰম্ভ কৰিবলগীয়া এই ক'ৰ্চ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছানুসৰি পাঠ্যক্ৰমত গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। এই কথা সদৰি কৰি অমিতা বাজপেয়ীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত ভুল পথত সুখৰ সন্ধান কৰে। কিন্তু তেওঁলোকে সন্ধান কৰা সুখৰ সংজ্ঞা ভুল। নিজৰ অন্তৰৰ পৰা জাগৃত হয় সুখ। তেওঁলোকে এই সুখ বৰ্হিজগতত বিচাৰে। আমি তেওঁলোকক সুখৰ প্ৰকৃত সংজ্ঞা সম্পৰ্কে জ্ঞাত কৰাব বিচাৰিছো।

বৰ্তমানলৈকে আৰম্ভ হোৱা নাই যদিও ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইডুকেশ্যন ফ'ৰ হেপীনেছ ক'ৰ্চ বিশেষভাৱে সমাদৃত হৈছে বুলিও জানিবলৈ দিয়ে অধ্যাপিকাগৰাকীয়ে। এই ক'ৰ্চ শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিলে সমাজত এটা পৰিৱৰ্তন আহিব পাৰে বুলি ধাৰণা কৰিছে বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলে।

দিল্লী বিশ্ববিদ্যালয়ৰ হেপীনেছ পাঠ্যক্ৰমৰো প্ৰশংসা কৰিলে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অমিতা বাজপেয়ীয়ে। তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পত্নী তথা ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ আহি হেপীনেছ পাঠ্যক্ৰম প্ৰত্যক্ষ কৰাৰ কথা কৈ এনে পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অৱসাদ দূৰ কৰি সুখৰ সঞ্চাৰ কৰে বুলি মন্তব্য কৰে।