শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ উপন্যাস 'হৃদয়ৰ নীলা পাহি' উন্মোচন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড. কৰবী কোঁছৰ হৃদয়ৰ নীলা পাহি নামৰ উপন্যাসখন উন্মোচন কৰা হয় । উপন্যাসখন উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডমৃদুল হাজৰিকাই ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত মঙলবাৰে আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড. কৰবী কোঁছৰ হৃদয়ৰ নীলা পাহি নামৰ উপন্যাসখন উন্মোচন কৰা হয় । উপন্যাসখন উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড. মৃদুল হাজৰিকাই ।

Advertisment

উন্মোচনী ভাষণত উপাচাৰ্য গৰাকীয়ে কয়একোখন উপন্যাস যদিও ফিকচন তাৰ মাজতে সত্যতা লুকাই থাকে । মানুহৰ জীৱনক লৈয়ে উপন্যাস হয় । জীৱন যাত্ৰাত বহু সমস্যা থাকে আৱেগ থাকে । জীৱনত বহু প্ৰত্যাহ্বানৰ প্ৰতিফলন থাকে । সেই প্ৰতিফলনখিনিক একেলগ কৰি বাস্তৱায়িতাৰ লগত লগলগাই উপন্যাস একোখন সৃষ্টি হয় ।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক- শিক্ষাবিদ ড. হিতেশ ডেকাই ভাষণ দি কয় - জীৱনৰ প্ৰথমখন কিতাপ নিজৰ প্ৰথম সন্তানৰ দৰে । মানুহৰ জীৱনত বিভিন্ন ৰং থাকে । ৰংবোৰ মাজে মাজে সলনি হৈ থাকে । জীৱনত প্ৰেমৰ আৱেগ থাকে বিচ্ছেদৰ বিৰল বেদনা থাকে । কৰবী কোঁচৰ উপন্যাসখনত লেখিকাৰ আৱেগ- আন্তৰিকতা প্ৰথমৰ পৰা শেষলৈকে আছে । সাহিত্যৰ বিভিন্ন পথাৰ থাকে । প্ৰৱন্ধ আছে কবিতা আছে গল্প আছে ।

ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ২৯৪ পৃষ্ঠাৰ উপন্যাস হৃদয়ৰ নীলা পাহিৰ লেখিকা ড. কৰবী কোঁছে কয় মই যে এখন উপন্যাস লিখিম সেয়া মোৰ বাবে এক সপোন আছিল । বয়স বঢ়াৰ লগে লগে মানুহৰ চিন্তা ধাৰণা পৰিপক্ব হৈ গৈ থাকে । লক ডাউনত ঘৰতে বন্দী হৈ থকা সময়ত কিছুমান চৰিত্ৰ মনলৈ আহিছিল । উপন্যাস বুলি আৰম্ভ কৰা নাছিলো, মানুহৰ জীৱনৰ ৰংবোৰ একেলগ কৰিব বিচাৰিছিলো । অনুষ্ঠানটোত ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস ৰাজখোৱা লেখক- সাংবাদিক শৈলেন শইকীয়া,লেখক- প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত অতিথি হিচাপে উপস্থিত থাকে ।

অনুষ্ঠানটোৰ আঁত ধৰে - অধ্যাপক পাৰ্থপ্ৰতিম ফুকন আৰু সামৰণি ভাষণ দিয়ে অধ্যাপিকা ড. ত্ৰিবেণী বৰাই । অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকাৰ লগতে বহু ছাত্ৰ- ছাত্ৰীও উপস্থিত থাকে । 

উপন্যাস