বহৰিৰ বিশিষ্ট সমাজসেৱক অখিল তালুকদাৰৰ বিয়োগ

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই স্থাপন কৰা 'আদি সত্ৰ' নিবাসী অখিল তালুকদাৰ  ‌(৭৬) হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা ৫.২৯ বজাত ইহলীলা সম্বৰণ কৰে।

author-image
Asomiya Pratidin
New Update
বহৰিৰ বিশিষ্ট সমাজসেৱক অখিল তালুকদাৰৰ বিয়োগ

ডিজিটেল সংবাদ, গুৱাহাটী : মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই স্থাপন কৰা 'আদি সত্ৰ' নিবাসী অখিল তালুকদাৰ  ‌(৭৬) হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা ৫.২৯ বজাত ইহলীলা সম্বৰণ কৰে। তেওঁ  বহৰি হাইস্কুলত স্কুলীয়া শিক্ষা শেষ কৰি কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা ক'লা শাখাত স্নাতক ডিগ্ৰী লৈ  নিজৰ জন্ম ঠাই বহৰি সত্ৰলৈ আহে।

Advertisment

ইয়াৰ পিছতে মধ্য কামৰূপ মহাবিদ্যালয়, চেঙাত তেওঁ কাৰ্যালয় সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি মুখ্য কাৰ্যালয় সহায়ক হিচাপে অৱসৰগ্ৰহণ কৰে।  অৱসৰগ্ৰহণ কৰাৰ পিছত তেওঁ বহৰি‌ সত্ৰৰ বিভিন্ন সমাজিক অনুষ্ঠানৰ লগত জড়িত হোৱাৰ উপৰি বহৰি সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, বহৰি সত্ৰৰ সেৱক সংঘৰ প্ৰাক্তন সভাপতি, বহৰি ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক সদস্য, শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন উপ-সভাপতি,ডনবস্কো হাইস্কুলৰ প্ৰতিষ্ঠাপক আহ্বায়ক, কমলাকান্ত একাডেমীৰ প্ৰাক্তন সভাপতি, উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ প্ৰাক্তন উপ-সভাপতি আদি একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰিব'ঠা ধৰি‌‌ আছে।

তেওঁ‌ মৃত্যুৰ সময়ত সহধৰ্মিনী, দুজন ল'ৰা, দুগৰাকী বোৱাৰী, নাতি-নাতিনীৰ লগতে বগাৰাম বংশ পৰিয়ালৰ এখন বিশাল সমাজ এৰিথৈ যায়। তেওঁৰ বিয়োগত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰিণী কান্ত গোস্বামী,  পৰাগজ্যোতি প্ৰকাশনৰ লগতে বহৰি অঞ্চলৰ ভিন -ভিন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

বহৰি