/asomiyapratidin/media/media_files/2025/02/17/amSUvxgCNxb6O4amtJcJ.jpg)
SPM IAS একাডেমীৰ উল্লেখনীয় পদক্ষেপ
ডিজিটেল ডেস্ক : ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী কোচিং প্ৰতিষ্ঠান এছ পি এম আই এ এছ একাডেমীয়ে সফলতাৰ পূৰ্বৰ ধাৰা অব্যাহত ৰাখিছে ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত মুঠ ২৩৫টা পদৰ বাবে নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ ভিতৰত ১৯৪ গৰাকী প্ৰাৰ্থীয়েই হৈছে এছ পি এম আই এ এছ একাডেমীৰ ৷
উল্লেখযোগ্য যে সফলতাৰে এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৯৪ গৰাকী প্ৰাৰ্থীক সোমবাৰে শিক্ষা প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজপত্ৰিত বিষয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ তাৰোপৰি অনুষ্ঠানত আন কেইবাগৰাকীও ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
/asomiyapratidin/media/media_files/2025/02/17/Qqyw3BW2IOf5fzjkMaAR.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এছ পি এমৰ শিক্ষাৰ্থীসকলে শিক্ষক মৃদুল মিশ্ৰ, চিন্ময় বৰদলৈ আৰু সত্যজিৎ কুমাৰৰ তত্বাবধানত মুঠ আসনৰ প্ৰায় ৮৩% আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা মুঠ উত্তীর্ণ শিক্ষাৰ্থীৰ ১৫০ গৰাকী শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠানখনৰ পৰা প্ৰত্যক্ষভাৱে শিক্ষাগ্ৰহণ কৰাৰ বিপৰীতে আন ৪২ গৰাকীয়ে অংশকালীন হিচাপে শিক্ষা গ্ৰহণ কৰিছিল ৷
উল্লেখযোগ্য যে, বিগত তিনিবছৰ ধৰি এছ পি এম আই এ এছ একাডেমীয়ে ধাৰাবাহিকভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰি আহিছে ৷ অসমৰ আন যিকোনো কোচিং প্ৰতিষ্ঠানতকৈ এছ পি এম আই এ এছ একাডেমী এতিয়া শিক্ষাৰ্থীৰ বাবে বিশ্বাসযোগ্য শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে ৷ কাৰণ একাডেমীখনে অসমত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আন যিকোনো প্ৰতিষ্ঠানতকৈ উন্নতমানৰ শিক্ষা প্ৰদান কৰি আহিছে ৷