/asomiyapratidin/media/media_files/2025/04/25/pW8G8QTncEb16TYNwk9q.jpg)
নগাঁওত উপস্থিত ন'ৰৱেৰ ৰাষ্ট্ৰদূত
ডিজিটেল সংবাদ, নগাঁও: শুকুৰবাৰে নগাঁও জিলাত ন'ৰৱেৰ ৰাষ্ট্ৰদূত এইচ.ই মিছ মে-এলিন ষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ দেশৰ সঞ্চালিকা মিছ এলিজাবেথ ফ’ৰে সৈতে দেশখনৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ লগত এখনি বৈঠকত মিলিত হয়। উক্ত বৈঠকত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উষ্ম আদৰণি আৰু সম্বৰ্ধনা আগবঢ়াই আদৰণি ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰদূত গৰাকীয়ে নগাওঁ জিলালৈ অহাৰ উদ্দেশ্য বিষয়ে সভাক অৱগত কৰে আৰু জিলা প্ৰশাসনক তেওঁলোকে আগবঢ়োৱা সম্বৰ্ধনা আৰু অতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
ইয়াৰ পিছতেই ৰাষ্ট্ৰদূত গৰাকীয়ে তেওঁৰ প্ৰতিনিধি দল আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ লগত নগাঁও জিলাত ইউনাইটেড নেচনচ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম (WFP) ভাৰত, আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত তথা কৃষি আৰু কৃষক কল্যান মন্ত্ৰণালয় (MoAF&W) আৰু ৰয়েল নৰৱে এম্বেচিৰ সমৰ্থনত কঠীয়াতলী উন্নয়ন খণ্ডৰ ১৩০ নং নিজ কঠীয়াতলী গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁওত ৰূপায়ণ হৈ থকা ১৮ মাহৰ এটা পাইলত প্ৰকল্প অন্তৰ্গত "জলবায়ুৰ সৈতে খাপ খুৱাই লোৱা আৰু কৃষি ক্ষেত্ৰত মহিলাৰ সৱলীকৰণ বৃদ্ধি কৰা" পৰিদৰ্শন কৰে লগতে সংহত কৃষি পদ্ধতি আৰু বাওঁ ধানৰ শুভাৰম্ভণিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ইয়াৰোপৰি ৰাষ্ট্ৰদূত গৰাকীয়ে প্রকল্প স্থলীত কৃষি কাৰ্যত জড়িত মহিলা কৃষক সকলৰ লগত মত বিনিময় কৰে । উক্ত দলটিয়ে এই প্ৰকল্পৰ অধীনত ৰূপায়ণ হৈ থকা জিলাখনৰ পাখিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত পানীগাঁও পুতনিমুখ গাঁৱৰ শস্য ক্ষেত্ৰ আৰু ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰনথলী গাঁও পঞ্চায়তৰ কটহগুৰি গাঁৱৰ কাঠফুলা খেতি পৰিদৰ্শন কৰি কৃষক সকলৰ লগত মত বিনিময় কৰে । ক্ষেত্ৰ পৰিদৰ্শন কালত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৃষি বিভাগ আৰু উদ্যান শস্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।