Advertisment

উত্তৰ-পূব ভাৰতত প্ৰত্যক্ষ বিক্ৰীৰ হাৰ ১৬% লৈ বৃদ্ধি...

ভাৰতৰ প্ৰত্যক্ষ বিক্ৰী উদ্যোগে ইতিমধ্যে ২১,২৮২ কোটি টকাৰ বজাৰ সৃষ্টি কৰি বিশ্বৰ ভিতৰতে ১১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াত ৩.৩৮ লাখৰো অধিক লোক জড়িত হৈ আছে ।

author-image
Asomiya Pratidin
New Update
cv

ডিজিটেল ডেস্কঃ  প্ৰত্যক্ষ বিক্ৰী উদ্যোগৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উত্তৰ-পূব। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় উত্তৰ-পূব প্ৰত্যক্ষ বিক্ৰী সন্মিলন আৰু প্ৰদৰ্শনীত ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই উদ্যোগটোৱে ১৬ শতাংশ বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে  ।

Advertisment

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই ২০২২-২৩ বৰ্ষত পূৰ্বৰ বছৰৰ তুলনাত ২৫৫ কোটি টকাৰ বিক্ৰী বৃদ্ধিৰে মুঠ ১৮৫৪ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত ভাৰতীয় প্ৰত্যক্ষ বিক্ৰী সন্থাৰ অধ্যক্ষ বিবেক কাটোচে কয়, ভাৰতৰ প্ৰত্যক্ষ বিক্ৰী উদ্যোগে ইতিমধ্যে ২১,২৮২ কোটি টকাৰ বজাৰ সৃষ্টি কৰি বিশ্বৰ ভিতৰতে ১১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াত ৩.৩৮ লাখৰো অধিক লোক জড়িত হৈ আছে ।

উল্লেখ্য যে, এই উদ্যোগটোৱে ৩২ লাখ মহিলাকে ধৰি ৮৬ লাখতকৈ অধিক লোকক আত্মনিয়োগৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা দেশৰ আৰ্থ-সামাজিক পৰিৱৰ্তনত উদ্যোগৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰমাণিত হৈছে বুলিও কাটোচে উল্লেখ কৰে।

অধ্যক্ষগৰাকীয়ে লগতে কয়, আই ডি এছএৰ তথ্য অনুসৰি প্ৰত্যক্ষ বিক্ৰী উদ্যোগটোৱে প্ৰতি বছৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজকোষত ৩০০ কোটি টকাৰ বৰঙণি আগবঢ়ায় । যিয়ে অঞ্চলটোৰ উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

 

প্ৰত্যক্ষ বিক্ৰী