Shocking Laws In North Korea: চৰকাৰৰ মতে কাটিব লাগে চুলি, এটা অপৰাধৰ বিনিময়ত তিনি প্ৰজন্মক শাস্তি

Shocking Laws In North Korea: চৰকাৰৰ মতে কাটিব লাগে চুলি, এটা অপৰাধৰ বিনিময়ত তিনি প্ৰজন্মক শাস্তি

ডিজিটেল ডেস্ক: আজৱ খবৰৰ বাবে সদায়েই চৰ্চাত থাকে উত্তৰ কোৰিয়া। এই দেশখনৰ বিষয়ে ওলোৱা খবৰে সকলোকে দুবাৰ ভাবিবলৈ বাধ্য কৰে।উত্তৰ কোৰিয়াত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ বন্ধ।দেশবাসীয়ে ছ’ছিয়েল মেডিয়াতো দেশখনৰ বিষয়ে একো তথ্য ৰাজহুৱা কৰিব নোৱাৰে।

দেশখনে ইয়াৰ নাগৰিকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকৰ ওপৰত অদ্ভুত একনায়কত্ববাদী নিয়ম আৰোপ কৰে।এই দেশখনৰ কেইটামান আজৱ নিয়মৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিম।

বিদেশী গান-চিনেমা চোৱা নিসিদ্ধ

এই দেশৰ নাগৰিকসকলৰ বাবে বিদেশী চিনেমা চোৱাটো তথা সংগীত শুনাটো এক অপৰাধ।এই অপৰাধৰ বাবে নাগৰিকসকল কাৰাগাৰলৈ যাব লাগে।২০১৫ চনত উত্তৰ কোৰিয়াৰ একনায়ক কিম জং-উনে ভিন্নমত নিয়ন্ত্ৰণ ৰখাৰ বাবে সকলো বিদেশী কেছেট, টেপ আৰু চিডি ধ্বংস কৰাৰ নিৰ্দেশ দিছিল।কোনো নাগৰিকে আমেৰিকান চিনেমা চালে বাবে পৰ্ণগ্ৰাফী বিতৰণ কৰিলে তেওঁলোকৰ মৃত্যুদণ্ড হ'ব পাৰে। উত্তৰ কোৰিয়াত টিভিত মাত্ৰ তিনিটা চেনেল আছে,যি চৰকাৰৰ দ্বাৰা পৰিচালিত হয়।

কোনোৱে কৰিব নোৱাৰিব আন্তৰ্জাতিক ফোনকল

উত্তৰ কোৰিয়াৰ নাগৰিকসকলে আন্তৰ্জাতিক ফোনকল কৰিব নোৱাৰে। দেশখনত ইয়াক অপৰাধ বুলি গণ্য কৰা হয়।তথ্য মতে, ২০০৭ চনত উত্তৰ কোৰিয়াৰ এটা কাৰখানাৰ স্বত্বাধিকাৰীক আন্তজাৰ্তিক ফোনকল কৰাৰ অপৰাধত ডেৰ লাখ লোকৰ সন্মুখত ফায়াৰিং স্কোৱাডে মৃত্যুদণ্ড দিছিল।

এটা অপৰাধৰ বিনিময়ত তিনি প্ৰজন্মক শাস্তি

উত্তৰ কোৰিয়াৰ কোনো নাগৰিকে যদি অপৰাধ কৰে, তাৰ শাস্তি কেৱল তেওঁক দিয়া নহয়। অপৰাধ কৰাজনৰ ককা-আইতা, পিতৃ-মাতৃ আৰু সন্তানকো শাস্তি দিয়া হয়। মানুহক কাৰাগাৰৰ পৰা পলায়ন কৰাত বাধা দিবলৈ দেশখনত এই আইন প্ৰণয়ন কৰা হৈছে।

চৰকাৰৰ মতে কাটিব লাগিব চুলি 

এই দেশখনৰ সকলো পুৰুষ-মহিলাই কেৱল চৰকাৰে অনুমোদন কৰা ২৮ টা ধৰণৰহে চুলি কাটিব পাৰে,। ইয়াৰে ১৮টা চুলি কটা ষ্টাইল মহিলাৰ বাবে আৰু বাকী ১০ টা পুৰুষৰ বাবে। দেশখনত আন হেয়াৰষ্টাইল একেবাৰেই নিষিদ্ধ। উত্তৰ কোৰিয়াৰ প্ৰধান কিম জং উনে ২০১৩ চনত এই আইন প্ৰৱৰ্তন কৰিছিল।

ৰাতি হ’লেই নাথাকে বিদ্যুত সংযোগ

উত্তৰ কোৰিয়াৰ লোকসকলে প্ৰতি নিশাই বিদ্যুতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়।বিদ্যুত ব্যৱহাৰৰ বাবে নাগৰিকসকলক অনুমতিৰ প্ৰয়োজন। এই দেশত মাইক্ৰ'ৱেভ ৰখাটোও অবৈধ।

আইফোন লেপটপ নিসিদ্ধ

উত্তৰ কোৰিয়াৰ লোকসকলৰ কোনো আইফোন, টিভি বা লেপটপ নাই।আইফোন আৰু লেপটপ ব্যৱহাৰ কৰাটো এই দেশৰ নাগৰিকৰ বাবে এক গুৰুতৰ অপৰাধ।যাৰ বাবে এই দেশৰ লোকসকল ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in