কোনোমতে ৰক্ষা পৰিল জাপান ! উত্তৰ কোৰিয়াই নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল...

উত্তৰ কৰিয়াৰ কাৰ্যত স্তম্ভিত বিশ্ব...
NORTH KOREA
NORTH KOREA

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল জাপান। বিশ্ববাসীক স্তম্ভিত কৰি জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল। মঙ্গলবাৰে উত্তৰ কোৰিয়াই সংঘটিত কৰা এই ভংকৰ কাণ্ডত বিশ্বতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। সামান্য ইফাল-সিফাল হোৱা হ'লেই হয়তো শেষ হৈ গ'ল হয় জাপানৰ এটা অংশ ।

উত্তৰ কোৰিয়াৰ এই কাণ্ডৰ পিছতে জাপান চৰকাৰে দেশখনত সতৰ্কতা জাৰি কৰিছে। নাগৰিকসকলক নিৰপাদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে ৫ বছৰ পূৰ্বেও উত্তৰ কোৰিয়াই জাপানৰ আকাশৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল।

উত্তৰ কোৰিয়াৰ এই কাণ্ডৰ পিছতে জাপানৰ মুখ্য কেবিনেট সচিব হিৰোকাজু মাটছুনোৱে এক সংবাদ মেল সম্বোধন কৰি কয় যে, উত্তৰ কোৰিয়াই নিক্ষেপ কৰা এই বেলিষ্টিক মিছাইল উত্তৰ-পূব জাপান পাৰ হৈ প্ৰশান্ত মহাসাগৰত পৰিছে। জাপানৰ স্থানীয় সময় অনুসৰি পুৱা ৭-৪৪ বজাত মিছাইলটো প্ৰশান্ত মহাসাগৰখনত পৰিছেগৈ।

ইফালে দক্ষিণ কোৰিয়াই এই মিছাইলটো মধ্যম দূৰত্বৰ আছিল বুলি প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে এই মিছাইল নিক্ষেপৰ বাবে কিবা ক্ষয় ক্ষতি হৈছে নেকি সেই বিষয়ে জানিব পৰা হোৱা নাই। জাপান চৰকাৰে হোকাইডো আৰু আওমোৰি অঞ্চলৰ বাসিন্দাসকলক ঘৰৰ ভিতৰৰৰ পৰা বাহিৰলৈ নাহিবলৈ নিৰ্দেশনা দিছে।

ইফালে উত্তৰ কোৰিয়াৰ এই কাৰ্যৰ পিছতে জাপানে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰে'ল চলাচাল বন্ধ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিছিদাই এই কাৰ্যক গৰিহণা দিছে। ইফালে উত্তৰ কোৰিয়াই এই কাৰ্যৰ জৰিয়তে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক সতৰ্কবাণী প্ৰেৰণ কৰা বুলিও চৰ্চা চলিছে।

কিয়নো আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ নৌসেনাই যৌথ অনুশীলন চলাই আছে। এই কাৰ্যত সুখী নহয় উত্তৰ কোৰিয়া। সেয়েহে উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এই কাৰ্য সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইফালে উত্তৰ কোৰিয়াৰ এই কাৰ্যক আক্ৰমণাত্মক আখ্যা দি জাপান চৰকাৰে তৎকালীনভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এক বৈঠক অনুষ্ঠিত কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in