ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। উত্তৰ গুৱাহাটী টিলিংগাঁৱত ধৰ্ম প্ৰচাৰক ভকত বৈষ্ণৱক হত্যা কৰি ৰছীৰে থ’লে ওলোমাই। ঘটনা অনুসৰি যোৱা ৩০ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ২৩ বছৰীয়া এক শৰণ ভাগৱতী সমাজৰ নিৰৱছিন্ন সাধক বিকি দাস।
শুকুৰবাৰে বিকি দাসৰ মৃতদেহ উদ্ধাৰ হয় ৰছীৰে ওলোমাই থোৱা অৱস্থাত। ভাগৱতী সমাজৰ নিৰৱছিন্ন সাধক বিকি দাসক ৰছীৰে ওলোমাই থোৱা অৱস্থাত দুটা নামঘৰৰ মাজত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
এই হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত আৰক্ষীয়ে বিকি দাসৰ দুই বন্ধু ক্ৰমে বিনয় দাস ওৰফে পিতাই আৰু উৎপল দাসক আটক কৰে। আৰক্ষীয়ে দুই বন্ধুক সোধা-পোছা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা।
দুই হত্যাকাৰী বন্ধুৱে ঘটনা সংঘটিত কৰি চাৰি দিনে ঘটনাক গাপ দি কৰি আহিছিল সাধাৰণ জীৱন যাপন। ঘটনাস্থলীত উপস্থিত হয় উত্তৰ গুৱাহাটী আৰক্ষীৰ লগতে আৰক্ষীৰ উচ্ছ পদস্ত বিষয়া। ঘটনাক কেন্দ্ৰ কৰি চেঁপা উত্তেজনাই বিৰাজ কৰে উত্তৰ গুৱাহাটীত।