উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা…

উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা…

author-image
asomiyapratidin
New Update
উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ, কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা…

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ শিক্ষাৰ্থী সকলৰ বাবে সুখবৰ। দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰা হ'ব সুকীয়া চাত্ৰাৱাস। সোমবাৰে কেন্দ্ৰীয় উত্তৰ পূব বিকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডা° জিতেন্দ্ৰ সিঙে উত্তৰ পূব বিকাশ মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদৰ সৈতে এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই সিদ্ধান্ত লোৱাৰ লগতে এই কামৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত মোকলাই দিয়া হৈছে ১১ লাখ টকা। পৰিকল্পনা কৰা আচনিৰ অনুসৰি এই ছাত্ৰাৱাসত থাকিব ২২৪ টা কোঠা আৰু ৪২৪ জন শিক্ষাৰ্থী থাকিব পাৰিব। ইয়াৰে বিশেষভাৱে সক্ষম ছাত্ৰৰ বাবে থাকিব ২৪ টা কোঠা। ইয়াৰ বাহিৰে ছাত্ৰ-ছাত্ৰী ১০০-১০০কৈ থাকিব পাৰিব। চাৰি মহলীয়াকৈ নিৰ্মাণ কৰিবলগীয়া এই ছাত্ৰাৱাসটো ডেৰ একৰ মাটিত নিৰ্মাণ কৰা হ'ব। অচিৰেই ইয়াৰ নিৰ্মাণৰ কামো আৰম্ভ হ'ব বুলি ৰাজ্যমন্ত্ৰীজনে জানিবলৈ দিছে।

মন্ত্ৰীজনে লগতে সংবাদমাধ্যমক কয় 'বাংগালুৰুত উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰি থকা ছাত্ৰাৱাসৰ কাম আৰম্ভ হৈছে।' আনহাতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাগ্ৰহণ কৰি থকা উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰিবলগীয়া ৰোহিনী ছাত্ৰাৱাসৰ ভূমিও নিৰ্বাচিত কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে ২.৫ কোটি টকা মোকলাই দিয়াৰ লগতে এই ছাত্ৰাৱাসটো ৫ একৰ মাটিত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।