অসম কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় উদ্ভিদ ৰোগ বিজ্ঞান সমাজৰ দুদিনীয়া উত্তৰ পূৱ মাণ্ডলিক সন্মিলন...

সন্মিলনত অধিবেশনসমূহৰ লগতে অধ্যাপক এম জে নৰসিংহম বঁটা আৰু এ পি এছ -আই পি এছ ভ্ৰমণ বঁটাৰ বাবে দুটা বিশেষ প্ৰতিযোগিতাও অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় উদ্ভিদ ৰোগ বিজ্ঞান সমাজৰ দুদিনীয়া উত্তৰ পূৱ মাণ্ডলিক সন্মিলন...

উত্তৰ পূৱ মাণ্ডলিক সন্মিলন

ডিজিটেল সংবাদ,যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ উদ্যোগত ভাৰতীয় উদ্ভিদ ৰোগ সমাজ নতুন দিল্লীৰ উত্তৰ পূৱ মাণ্ডলিক শাখাৰ বাৰ্ষিক সন্মিলন আৰু দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সন্মিলন ২৪ আৰু ২৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় । সন্মিলনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা মুঠ ১১০ গৰাকী কৃষি গৱেষক আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

Advertisment

সন্মিলনৰ কৰ্মশালাখনৰ ৬টা কাৰিকৰী শাখাত জৈৱিক আৰু প্ৰাকৃতিক কৃষিত ৰোগ ব্যৱস্থাপনা, উদ্ভিদ ৰোগ বিজ্ঞানত সংহত উদ্ভিদ ৰোগ ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভাজন, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, উদীয়মান আৰু পুনৰ উদীয়মান ৰোগ, মহামাৰী বিজ্ঞান আৰু উদ্ভিদ ৰোগ ব্যৱস্থাপনাৰ পূৰ্ব সতৰ্কবাণী, উদ্ভিদৰ ৰোগ নিৰ্ণয় আৰু ব্যৱস্থাপনাৰ বাবে ৰোগ আৰু পাৰস্পৰিক ক্ৰিয়া, নেনো আৰু জৈৱ প্ৰযুক্তিগত পদ্ধতি, ভেঁকুৰ চিনাক্তকৰণ আৰু জৈৱ-অন্বেষণৰ প্ৰযুক্তিগত অগ্ৰগতি আৰু উদ্ভিদৰ ৰোগ, বন ৰোগ বিজ্ঞান আৰু পোক-পৰুৱা আদি উদ্ভিদ ৰোগ বিজ্ঞানৰ ক্ষেত্ৰৰ বিশিষ্ট গৱেষকসকলৰ ১৬টা মূল বিষয়ত বক্তৃতা প্ৰদান কৰে।

উদ্ভিদ ৰোগ বিজ্ঞান সমাজৰ উত্তৰ পূৱ মাণ্ডলিক সন্মিলন
উদ্ভিদ ৰোগ বিজ্ঞান সমাজৰ উত্তৰ পূৱ মাণ্ডলিক সন্মিলন

সন্মিলনৰ আয়োজক সমিতিৰ সম্পাদক তথা জ্যেষ্ঠ বিজ্ঞানী ডা০ পপি বৰাই আঁত ধৰা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা আয়োজক সমিতিৰ অধ্যক্ষ ডা০ পলাশ দেৱ নাথে । ভাষণ প্ৰসংগত কয় যে, এই কৰ্মশালাৰ জৰিয়তে যুৱ গৱেষকসকলে উদ্ভিদ ৰোগ বিজ্ঞানৰ ক্ষেত্ৰখনৰ জ্যেষ্ঠ গৱেষকসকলৰ সৈতে গৱেষণামূলক কামৰ বহু সমস্যাৰ বিষয়ে সংযোগ স্থাপন কৰি বাটত আগবাঢ়ি যাবলৈ সক্ষম হ'ব ।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে কৃষি বিজ্ঞান গুৰু ড° জয়ন্ত ডেকাই এনে গুৰুত্বপূৰ্ণ বিষয়ৰ সন্মিলনৰ জৰিয়তে কৃষি শিক্ষাৰ্থী আৰু গৱেষক সকলে শেহতীয়া কৃষি তথ্য প্ৰযুক্তি কৌশলৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰি উপকৃত হব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস আই পি এছৰ সম্পাদক আৰু আই এ আৰ আই- নতুন দিল্লীৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী ডা০ ৰবিন গগৈ; যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ৰাজীব কুমাৰ বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই সন্মানীয় অতিথি হিচাপে আসন অলংকৃত কৰে। আনহাতে সন্মিলনত অধিবেশনসমূহৰ লগতে অধ্যাপক এম জে নৰসিংহম বঁটা আৰু এ পি এছ -আই পি এছ ভ্ৰমণ বঁটাৰ বাবে দুটা বিশেষ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

আৰু পঢ়কঃ Gujrat Election: BJP য়ে ৫ বছৰত ২০ লাখ নিৱনুৱা, ১ লাখ মহিলাক দিব চাকৰি !

assam jorhat assam agriculre university