উত্তৰ-পূবৰ কোন কেইটা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন...

উত্তৰ-পূবৰ কোন কেইটা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন...

ডিজিটেল ডেস্কঃ অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মণিপুৰত দুটা সমষ্টিত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ। মণিপুৰৰ সেই সমষ্টি দুটা হৈছে- Inner Manipur, Outer Manipur

ঠিক তেনেদৰে মেঘালয়ৰ শ্বিলং আৰু তুৰাত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মিজোৰামৰ এটা লোকসভা সমষ্টিৰ লগতে নাগালেণ্ড আৰু চিকিমৰ এটা সমষ্টিত প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ সম্পন্ন হব। অৰুণাচল প্ৰদেশৰ পূব অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিটোতো প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হব।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক অপৰাধজনিত গোচৰ থকা প্ৰাৰ্থী আছে বিজেপিত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দলটোৰ ৭৭গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৮গৰাকী লঘু আৰু ১৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। ইফালে কংগ্ৰেছতো ৫৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৯গৰাকীৰ বিৰুদ্ধে লঘু আৰু ৮গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈ আছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা বি এছ পি দলৰ ৮৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১গৰাকীৰ বিৰুদ্ধে লঘু আৰু ৮গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। লক্ষ্যণীয়ভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৮৯গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইয়াৰে ৮৬গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে লঘু আৰু ৬৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ গোচৰ পঞ্জীয়ন হৈ আছে। নিদৰ্লীয় ১২৪গৰাকী প্ৰাৰ্থী কোটিপতি বুলিও এ ডি আৰৰ তথ্যত প্ৰকাশ পাইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা বিজেপিৰ ৬৯গৰাকী, কংগ্ৰেছৰ ৪৯গৰাকী, এ আই এ ডি এম কেৰ ৩৫গৰাকী আৰু বি এছ পিৰ ১৮গৰাকী কোটিপতি প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in