নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যাপক হৰেন শইকীয়াক অৱসৰকালীন সম্বৰ্ধনা

ঢকুৱাখনাৰ ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত বিগত প্ৰায় ৩৫ বছৰ জ্ঞানৰ অমূল্য গৰিমা বিলাই যোৱা এইগৰাকী শিক্ষাগুৰুৱে শুকুৰবাৰে অৱসৰ গ্ৰহণ কৰে। 

author-image
Asomiya Pratidin
New Update
cbcv

ডিজিটেল সংবাদ,ঢকুৱাখনা: প্ৰকৃতাৰ্থত এগৰাকী সব্যসাচী শিক্ষাগুৰু। নাম তেওঁৰ হৰেন শইকীয়া।ঢকুৱাখনাৰ ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত বিগত প্ৰায় ৩৫ বছৰ জ্ঞানৰ অমূল্য গৰিমা বিলাই যোৱা এইগৰাকী শিক্ষাগুৰুৱে শুকুৰবাৰে অৱসৰ গ্ৰহণ কৰে। 

Advertisment

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ত ১৯৯০ চনত গণিত বিভাগৰ সহকাৰী অধ্যাপক হিচাবে যোগদান কৰা শইকীয়াই শুকুৰবাৰে আনুষ্ঠানিকভাৱে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ কেৱল বিদ্যায়তনিক ক্ষেত্ৰখনৰে নহয়, ভাষা সাহিত্য, কাব্য সাহিত্য, নাট্য সাহিত্যৰ লগতে অভিনয় আৰু আবৃত্তি ক্ষেত্ৰখনক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি সুকীয়া প্ৰতিভাধৰ মানৱ সম্পদ সৃষ্টিত আত্মনিয়োগ কৰি অহা এইগৰাকী শিক্ষাগুৰুক আনুষ্ঠানিক ভাৱে অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয় মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা।

শনিবাৰে মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় অৱসৰকালীন সম্বৰ্ধনা অনুষ্ঠান। মহাবিদ্যালয়খনৰ শিক্ষক গোট, কৰ্মচাৰী আৰু গ্ৰন্থগাৰিক গোটৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানৰ আদৰণি ভাষনেৰে শুভাৰম্ভ কৰে নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ পুলক গগৈয়ে।

মহাবিদ্যালয় সমূহ শিক্ষক কৰ্মচাৰী, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ লগতে ঘিলামৰাৰ বিভিন্ন সংগঠন আৰু গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীৰ উপস্থিতিত দৃষ্টিনন্দন অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সদস্য সকলৰ শ্ৰুতিমধুৰ ভূপেন্দ্ৰ সংগীতেৰে।

অৱসৰী শিক্ষাবিদ শইকীয়াৰ সহধৰ্মিনী নিভা ভূঞা শইকীয়া, বিশিষ্ট লেখক,কবি দীপক গগৈ, সংগীত শিল্পী সুনীল দুৱৰা, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ দিনেশ্বৰ গগৈকে প্ৰমুখ্য কৰি বহু সংখ্যক শিক্ষাসদী উপস্থিত থাকে অনুষ্ঠানত।

জনাকীৰ্ণ অনুষ্ঠানত বিগত প্ৰায় ৩৫ বছৰীয়া নিঃস্বাৰ্থ গৰিমা বিলোৱা শইকীয়াৰ নিৰন্তৰ প্ৰয়াসৰ শ্ৰদ্ধাশীল স্মৰণ কৰি বক্তব্য আগবঢ়াই মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পুলক গগৈ, শিক্ষাগুৰু ক্ৰমে ভবেশ মৰাং, ভবেশ চহৰীয়া,নৰেন দাস,মোহিত কুমাৰ সোণোৱাল, নৰনাৰায়ণ বুঢ়াগোহাঁই, গ্ৰন্থাগাৰিক সীমা জ্যোতি ডেকা আদিয়ে।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থকা প্ৰবীণ শিক্ষাবিদ দিনেশ্বৰ গগৈৰ বক্তব্য, দীপক গগৈ, সুনীল দুৱৰাৰ ভাষণ গীত কবিতাৰে সৰ্বজন সমাদৃত শিক্ষাগুৰু গৰাকীৰ গুণানুকীৰ্তন কৰা হয়।
মম্পি শইকীয়াই শিক্ষক গোটৰ তৰফৰ পৰা প্ৰদান কৰা সম্বৰ্ধনা পত্ৰৰ পাঠ কৰাৰ পাছতেই সপত্নীক বিশিষ্ট শিক্ষাগুৰু গৰাকীক সম্বৰ্ধনা পত্ৰৰ লগতে পিতলৰ জাপি, গামোচা ,চেলেং চাদৰ,সঁফুৰা, বস্ত্ৰ সম্ভাৰ ,গ্ৰন্থ সম্ভাৰেৰে উষ্ণ সম্বৰ্ধনা জনোৱা হয়।

মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক মোহিত কুমাৰ সোনোৱালে আঁত ধৰা আৰু শিক্ষক গোটৰ সভাপতি ডঃ গীতাঞ্জলি বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানত মহাবিদ্যালয় ছাত্ৰ একতা সভা, ঘিলামৰাৰ ইংগিত নাট্য গোষ্ঠী , মহাবিদ্যালয়ৰ বিজ্ঞান শাখা, কৰ্মচাৰী গোট আদিৰ তৰফৰ পৰাও কৃতজ্ঞতাসূচক সম্বৰ্ধনা জনোৱা হয়।

মহাবিদ্যালয় পৰিয়ালৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে জীপাল হৈ পৰা এই অনুষ্ঠানত উপস্থিত থাকি নিজৰ ৩৫ বছৰীয়া অভিজ্ঞতালব্ধ অম্লমধুৰ বক্তব্য আগবঢ়াই সদ্যঅৱসৰী গণিত বিভাগৰ মুৰব্বী অধ্যাপক, শিক্ষাবিদ হৰেন শইকীয়াই। শইকীয়াৰ লগতে তেওঁৰ সহধৰ্মিনী নিভা ভূঞা শইকীয়াইও বক্তব্যৰ লগতে হৃদয় স্পৰ্শী কবিতা আবৃত্তিৰে অনুষ্ঠানতো মনোমুগ্ধকৰ কৰি তোলে।

ঢকুৱাখনা