/asomiyapratidin/media/media_files/2025/03/10/dlCAAvuJOrGM0q9H6Fng.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপৰ ন’পামৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলি দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS- 01-RC-3508 নম্বৰৰ মালবাহী ট্ৰাকখনক একে দিশৰে আহি থকা AR-01-L-1789 নম্বৰৰ স্ক'ৰপীয় বাহনে অভাৰটেক কৰিবলৈ গৈ প্ৰচণ্ড জোৰত খুন্দা মাৰে।
ফলত স্ক'ৰপীয় বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোত স্ক'ৰপীয় বাহনৰ দুজনকৈ আৰোহী গুৰুতৰ ভাবে আহত হয় ৷ স্থানীয় লোকে দুয়োগৰাকী আহতক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
ইপিনে ঘটনাস্থলীত বৰঘাট আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়োখন বাহন জব্দ কৰি নিজৰ জিম্মাত ৰখাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে, চকীঘাট দলংখন যাতায়তৰ বাবে মুকলি হোৱাৰ পিছৰে পৰা চাৰিলেণ্ড যুক্ত ঘাইপথত সঘনাই সংঘটিত হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা।