/asomiyapratidin/media/media_files/2025/01/12/KNv2TH745CF5dr4trCIS.jpg)
ডিজিটেল সংবাদ,নগাঁও: 'লেখকে পাব্লিছাৰক যেনেকৈ ঠগাই ঠিক তেনেকৈ পাব্লিছাৰেও লেখকক ঠগাই। কলেজৰ অধ্যাপকসকল প্ৰকৃততে একো একোজন কিতাপৰ ছিণ্ডিকেট বেপাৰী। কোনোদিনে কিতাপ কিনিবলৈ মন নকৰা অধ্যাপকে প্ৰমোশ্যন অথবা ইনক্ৰিমেণ্টৰ কাৰণে সঁচাই মিছাই কিতাপ উলিয়ায় বেপাৰ কৰে' - এই মন্তব্য বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচামৰ।
কিতাপৰ ভৱিষ্যত সম্পৰ্কে কবলৈ গৈ হাকাচামে ইয়াৰ বাবে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ অধ্যাপক সকলকে মূলতঃ দায়ী বুলি নিঃসংকোচে কৈ উল্লেখ কৰে যে গুৰুত্ব নোপোৱা প্ৰৱন্ধ কাৰোবাৰ কামত লাগক বা নালাগক তথাপিও বুদ্ধি লগাই প্ৰকাশ কৰি লেখকসকলে বেচিবলৈ বেপাৰ কৰে ঠিক আহিন মাহৰ পান বেচাৰ দৰে। কাৰণ আহিন মাহৰ পান বিক্ৰী কৰিবলৈ যাওঁতে গুছিবোৰত ওপৰত আৰু তলত একোখিলা ডাঙৰ পান দি মাজত যেনেকৈ সৰু সৰু পান দি মানুহক ঠগাই ঠিক তেনেকৈ লেখকসকলেও মানুহক ঠগাই আছো।
মই মোকৰ্দমা ফুল লোৱা হ'লে কেতিয়াবাই সাহিত্য সভাৰ সভাপতি হলো হয়। অথচ এই মোকৰ্দমা ফুল লৈ আজিকালি সকলোৱে বেপাৰ কৰি আছে। বেপাৰ আমাৰ সাহিত্যত বাৰুকৈয়ে সুমাল। বহু অধ্যাপকে বা লিখকে নপঢ়াকৈয়ে আন লেখকক প্ৰশংসাৰে ওপচাই সাহিত্যৰ এক বেপাৰ কৰি আছে। ফলত সাহিত্যই হওঁক অথবা ছ'চিয়েল মিডিয়াত ট্ৰুল হোৱা আন বিষয়েই হওঁক সকলোতে কেৱল মিছা কথাৰে চলি আছে বেপাৰ। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ সামৰণি অনুষ্ঠানৰ লেখক পাঠকৰ আলাপত ভাগ লৈ বাস্তৱ অভিজ্ঞতাৰ বহু কথাই বিনাদ্বিধাই কৈ যায়।
আজি পুৱা ন বজাৰ পৰা ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক উত্তৰণৰ বাবে আয়োজন কৰা অংশগ্ৰহণমূলক চিত্ৰাংকন,কবিতা আবৃত্তি,সাধু কোৱা আৰু আকস্মিক বক্তৃতাৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰায় দুই শিশুৰ কলকাকলিৰে মুখৰ কৰি তোলে গ্ৰন্থমেলাৰ বাকৰি। কাৰ্যকৰী সভাপতি কুমাৰ বিভূতি, বিশিষ্ট আবৃত্তিকাৰ ড° নিৰ্মালী বৰা মালাকাৰ আৰু অধ্যাপক ৰাতুল শইকীয়াই পৰিচালনা কৰা শিশুৰ দিন অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট চিত্ৰশিল্পী সুজিত দাসে।
বিয়লি তিনি বজাৰ পৰা আৰম্ভ হোৱা হোৱা লেখক পাঠকৰ আলাপ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট লেখিকা উপন্যাসিকা জুৰি বৰা বৰগোহাঞিয়ে লেখক জীৱনত পোৱা যৌন নিৰ্যাতনৰ কথা স্পষ্টকৈ উল্লেখ কৰে। মোৰ চিঞৰ, নেত্ৰী আদি যেন তাৰেই ফচল বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° চাহিন জাফ্ৰিয়ে আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানটোত ড° বিপুল মালাকাৰ, শিশু বন্ধু দুলাল বৰা, মনোৰঞ্জন বুঢ়াগোহাঁই, মহেন্দ্ৰ হাজৰিকা উপস্থিত থাকে।
এই লেখক পাঠকৰ আলাপ অনুষ্ঠানতে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা ননৈৰ পলস শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচামে। উল্লেখ্য যে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাত ভোগেশ্বৰী ফুকননী মণ্ডল পৰ্যায়ৰ সংগঠনৰ অধীনৰ মহিলাসকলে গ্ৰন্থমেলাস্থলীত বিভিন্ন ধৰণৰ বিপনী দিয়াৰ সমান্তৰালকৈ ৰাঙলু কৃষক সকলৰ দ্বাৰা উৎপাদিত শাক-পাচলি অতি সুলভ মূল্যত যোগা ধৰে উদযাপন সমিতিৰ খাদ্য উপ সমিতিৰ সভাপতি আবু বক্কৰ ছিদ্দিকে।
সম্পূৰ্ণ তিনিদিন অতি সূলভ মূল্যত বিক্ৰী কৰা শাক-পাচলি ল'বলৈ গ্ৰাহকসকলে ভিৰ কৰা পৰিলক্ষিত হয়। গ্ৰন্থমেলাস্থলীতে মেডজিয়া হেল্থ কৰ্ণাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সমান্তৰালকৈ ঔষধ বিতৰণ কৰে। সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হয় ঢৌৱে ঢৌৱে নৈয়ে কিনো কথা কয় শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান। উজ্জ্বল বৰাই আঁত ধৰা এই অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰে সাংস্কৃতিক অনুষ্ঠান।
ইয়াৰ পাছতেই বিশিষ্ট নাট্যকাৰ তথা অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত মঞ্চস্থ কৰা হয় নটসূৰ্য ফণী শৰ্মাৰ বিৰচিত কালজয়ী নাটক চিৰাজ। নিশা সম্পাদকীয় প্ৰতিবেদন আৰু সভাপতিৰ একাষাৰেৰে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ সামৰণি পৰে। উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাত ননৈপৰীয়া ৰাইজৰ সঁহাৰি আছিল অভূতপূৰ্ব।