Advertisment

দ্বিতীয় দিনাও উদুলি মুদুলি ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলা

ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ আজি পুৱা ৯ বজাৰ আৰম্ভ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: ভূপেন বৰাই উদ্বোধন কৰে স্বাস্থ্য শিবিৰ

author-image
Asomiya Pratidin
New Update
vxcv

ডিজিটেল সংবাদ,ননৈঃ "আমি মাটিৰ গোন্ধ ল'ব নোৱাৰালৈকে অসম কেশৰীৰ সপোন কেতিয়াও সফল কৰিব নোৱাৰো। মাটি আৰু বজাৰ হেৰুৱালে আমি আমাৰ জাতীয় সত্তা হেৰুৱাই পেলাম। মাত্ৰ ডেৰশ লিটাৰ গাখীৰেৰে এক যাত্ৰা আৰম্ভ কৰা সীতাজখলা আজি এক ব্ৰেণ্ড হোৱাৰ আঁৰত আছে মাটি আৰু মানুহক ভালপোৱাৰ কথা। এশবছৰীয়া সীতাজখলাৰ যাত্ৰাকালত উৎপাদনৰ লগত জড়িত সকলোৱেই মনত ৰখা সংকল্পৰ বাবেই এই সফলতা লাভ কৰিব পাৰিছে। কৃষকৰ সংগঠিত ৰূপ নহ'লে কৃষক সদায় অৱহেলিত হৈয়েই থাকিব। পথাৰ আৰু বজাৰ দখল কৰিব পৰাকৈ আমি সমৃদ্ধ হ'ব লাগিব"- এই মন্তব্য সীতাজখলা দুগ্ধ উন্নয়ন সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাৰ।

Advertisment

আজি ননৈপৰীয়া গ্ৰন্থ উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ বিশেষ অনুষ্ঠান নৈপৰীয়া যুৱ সংসদত উপস্থিত থাকি অধ্যক্ষ গৰাকীয়ে লগতে সীতাজখলাৰ জন্মৰ আঁৰৰ পৰা  শূন্যৰ পৰা শিখৰলৈ কৰা যাত্ৰাৰ কথাবোৰ অৱগত কৰে। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ আজি পুৱা ৯ বজাৰ আৰম্ভ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: ভূপেন বৰাই উদ্বোধন কৰা স্বাস্থ্য শিবিৰত বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে।

পুৱা ১০ বজাৰ আৰম্ভ হয় নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত কবি মেল । প্ৰায় আঢ়ৈ কুৰি কবিয়ে কবিতা পাঠেৰে জীপাল কৰি তোলা গ্ৰন্থমেলাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আৰম্ভ হয় নৈপৰীয়া যুৱ সংসদ ।  উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কুমাৰ বিভূতিয়ে আঁত ধৰা এই অনুষ্ঠানৰ সঞ্চালনা কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি ড° বসন্ত বৰাই।

এই অনুষ্ঠানত  ঔষধি উদ্ভিদৰ উৎপাদনেৰে স্বাৱলম্বী হোৱা বিশিষ্ট কৃষি বিজ্ঞানী তথা উদ্যোগী ৰঞ্জিত বৰা উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীসকলক ঘৰতেই কিদৰে ক্ষুদ্ৰ নাৰ্চাৰীৰে স্বাৱলম্বী হ'ব পাৰি সেই সম্পৰ্কে বিস্তাৰিতভাৱে অৱগত কৰে। শিক্ষাগত ডিগ্ৰীবোৰ কেৱল এক শিখণ্ডী বুলি অভিহিত কৰি বৰাই কয় যে- কৃষকসকল সমাজৰ আটাইতকৈ বেছি সন্মানীয় ব্যক্তি হিচাপে পৰিচিত নোহোৱাৰ বাবেই আমাৰ অসমত এতিয়া কৃষকসকল আগবাঢ়ি যাব পৰা নাই। কৃষক মানেই যেন অৱহেলিত এক শ্ৰেণী- এই ধাৰণাই আমাৰ সমাজ ব্যৱস্থাক নিঃশেষ কৰি পেলাইছে।

আন এগৰাকী সমল ব্যক্তি বিশিষ্ট লেখিকা তথা অধ্যাপিকা ড° ভৱানী পেগুৱে স্খলিত সমাজ ব্যৱস্থা সৃষ্টিত ড্ৰাগছে কি ভূমিকা পালন কৰে সেই সম্পৰ্কে সুন্দৰকৈ আলোকপাত কৰে। ডুগডুগী অসমীয়া কেঁচা সোণৰ গহণাৰে অসমত নিজকে একক আৰু অনন্য স্থানত উপনীত কৰিবলৈ সক্ষম হোৱা যুৱ উদ্যোগী উৎপল বনিয়াই ননৈপৰীয়া গুৰক এক ব্ৰেণ্ড হিচাপে বজাৰ দখল কৰিব পৰাকৈ কোনোবা যুৱ প্ৰজন্মক উদ্যোগ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতেই আৰম্ভ হয় যুৱ প্ৰজন্মৰ জনপ্ৰিয় লেখক কৌশিক নন্দন বৰুৱাৰ সৈতে এক নিৰিবিলি আবেলি ।

ননৈ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা দেৱযানি বৰা, ৰূপম বৰা আৰু হাদিউজ জামানে আঁত ধৰা অন্তৰংগ অনুষ্ঠানটোত নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থমেলাস্থলী লোকাৰণ্য কৰি তোলে। সন্ধিয়া বিশিষ্ট সমাজকৰ্মী ভাবিৰাম মুদৈ সোঁৱৰণী সাংস্কৃতিক মঞ্চত নৈৰ বুকুত গধূলি গধূলিৰ বুকুত চঞ্চলা ননৈ শীৰ্ষক এক সংগীতানুষ্ঠানেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে। কাইলৈ অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা ৯ বজাৰ অনুষ্ঠিত হ'ব শিশুৰ দিন।

শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি সেইদিনা অংশগ্ৰহণমূলক চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত হ'ব। বিয়লি ২ বজাত ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামে। ইয়াৰ পাছতেই আৰম্ভ হ'ব লেখক পাঠকৰ আলাপ।

বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিং আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ চাহিন জাফ্ৰিৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই কাৰ্যসূচীত  বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঞি উপস্থিত থাকিব। আবেলি ৪.৩০ৰ পৰা অনুষ্ঠিত হ'ব ঢৌৱে ঢৌৱে নৈয়ে কিনো কথা কয় শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান। সন্ধিয়া ৭ বজাত বিশিষ্ট নাট্যকাৰ, অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত অনুষ্ঠিত হ'ব কালজয়ী নাটক চিৰাজ ।

তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাক লৈ এতিয়া ননৈত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে এই উৎসৱত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে থলুৱা কৃষিজাত সামগ্ৰীৰ এক বজাৰ।  ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাৰ বৰ্ণাঢ্য কাৰ্যসূচীত জিলাখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

উল্লেখ্য যে ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষিমেলাত গ্ৰন্থ বিপনীসমূহত নৱ প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰী সকলৰ ভিৰ তাৎপৰ্যপূৰ্ণ। তেওঁলোকে গ্ৰন্থ বিপনী সমূহত কৌশিক নন্দন বৰুৱাৰ বেষ্ট চেলাৰ বুক হিচাপে খ্যাত নিৰিবিলি, সৰা ফুল আৰু ৰাধা বিচাৰি ভিৰ কৰি তুলিছে ননৈৰ মাধৱ কন্দলী ক্ষেত্ৰ।

গ্ৰন্থ উৎসৱ