নিকৃষ্ট কাণ্ডঃ তিতাবৰত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল গাঁৱৰ এজনো লোক...

পৰিয়ালটোক এঘৰীয়া কৰি থোৱাৰ বাবে গাঁওবাসী কোনো ওলাই নাহিল মৃতকৰ সৎকাৰ কৰিবলৈ। প্ৰায় দুবছৰৰ আগতে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্ক কৰাৰ বাবেই এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটোক ।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ,তিতাবৰঃ মানৱ সমাজক লজ্জানত কৰা এক হৃদক বিদাৰক ঘটনা সংঘটিত হৈছে তিতাবৰৰ ফালেঙীচুকত । সমাজৰ এচাম লোকৰ বাবেই তিতাবৰৰ ফালেঙীচুকৰ এটা পৰিয়ালৰ চোতালত ওৰেনিশা পৰি ৰল এটা মৃতদেহ ।

পৰিয়ালটোক এঘৰীয়া কৰি থোৱাৰ বাবে গাঁওবাসী কোনো ওলাই নাহিল মৃতকৰ সৎকাৰ কৰিবলৈ। প্ৰায় দুবছৰৰ আগতে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্ক কৰাৰ বাবেই এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটোক ।

কিন্তু নিজৰ ভুলৰ শুধৰনি বিচাৰি সমাজৰ আগত ভৰিত ধৰি পাণ-তামোল দি ক্ষমা বিচৰাৰ পাছতো সমাজে আঁকোৱালি লোৱা নাছিল পৰিয়ালটোক  ।

সমাজৰ পৰা এঘৰীয়া কৰি থোৱাৰ বাবেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ এজনো লোক । ওৰে নিশা ৩৫ বছৰীয়া পুত্ৰৰ মৃতদেহ চোতালত লৈ চকুলো টুকি ৰ'ল মৃত ব্যক্তিগৰাকীৰ দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে ।

অৱশেষত এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল বীৰ লাচিত সেনা । বীৰ লাচিত সেনা কৰ্মী উপস্থিত হৈ সৎকাৰ কৰে মৃতদেহ ।

তিতাবৰ