New Update
/asomiyapratidin/media/media_files/2025/03/11/SxHZIaTrOhEsvM6KL40a.jpg)
- মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই চহৰৰ আমোলাপতিৰ পৰা কৰায়ত্ত কৰিছে এটা নকল সোণৰ বেপাৰী।
- ধৃত নকল সোণৰ বেপৰিটো হৈছে লক্ষীমপুৰ আবু হানিফ।
- আবু হানিফৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ডেৰ কেজি ওজনৰ সোণৰ নাও আৰু আধা কেজি ওজনৰ দুটুকুৰা নকল সোণ। মুঠ ২কেজি নকল সোণ।
- আবু হানিফে আমোলাপতিৰ পিংকু কটকীৰ ঘৰত বাঁহৰ পাতি নকল সোণ খিনি বিক্ৰীৰ ব্যৱস্থা কৰিছিল উত্তৰ প্ৰদেশৰ এটা দলক।
- সোণ ক্ৰয় কৰিবৰ বাবে মৰিগাঁও মধুৱন হোটেলত বাঁহৰ পাতি আছিল উত্তৰ প্ৰদেশৰ এটা দল।
- উত্তৰ প্ৰদেশৰ ব্যক্তি কেইজনক আটক কৰি সোধপোচ কৰাৰ অন্তত কৰায়ত্ত কৰে আবু হানিফক।
- আবু হানিফৰ সৈতে আৰক্ষীয়ে আটক কৰিছে ঘৰটোৰ গৰাকী পিংকু কটকীক।