নৌচাদ আখতাৰ হাজৰিকাক প্ৰদান কৰা হ’ল 'ক্ৰান্তিকাল সন্মান- ২০২৪ '

নগাঁৱত সাংস্কৃতিক - বৌদ্ধিক পৰিবেশ এটি গঢ়ি তোলাত নিৰবে সাধনা কৰা নৌচাদ আখতাৰ হাজৰিকাক আজি প্ৰদান কৰা হয় ক্ৰান্তিকাল সন্মান ২০২৪ । অগ্ৰনী প্ৰকাশন গোষ্ঠী আৰু

author-image
Asomiya Pratidin
New Update
uujjs

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত সাংস্কৃতিক - বৌদ্ধিক পৰিবেশ এটি গঢ়ি তোলাত নিৰবে সাধনা কৰা নৌচাদ আখতাৰ হাজৰিকাক আজি প্ৰদান কৰা হয় ক্ৰান্তিকাল সন্মান ২০২৪ । অগ্ৰনী প্ৰকাশন গোষ্ঠী আৰু প্ৰেছ অজন্তা প্ৰেছৰ সোনালী জয়ন্তী আৰু ক্ৰান্তিকাল প্ৰকাশনৰ ৰূপালী জয়ন্তী ৰ শুভমূহুৰ্তত শিৱকান্ত - ক্ৰান্তিকাল ন্যাসৰ উদ্যোগত নৌচাদ আখতাৰ হাজৰিকাক এই বঁটা প্ৰদান কৰা হয় ।

উল্লেখ্য এই যে নগাঁৱৰ অগ্ৰনী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ প্ৰতিস্হাৰ দিনৰে পৰা নৌচাদ আখতাৰ হাজৰিকা সম্পাদকৰ দায়িত্ব আছে । ১৯৭২ চনত প্ৰতিস্হা হোৱা কল্লোলৰ প্ৰতিস্হাৰ দিনৰ পৰা বৰ্তমানলৈকে সম্পাদকৰ দায়িত্ব পালন কৰি হাজৰিকাই এক ইতিহাস ৰচনা কৰাই নহয় নগাঁৱৰ সমাজ জীৱনত সকলোৰে বাবে গ্ৰহনযোগ্য ব্যক্তি হিচাপে চানেকি ধৰি ৰাখিবলৈ সক্ষম হৈছে । 

178a997b-b879-41e1-872c-1a5d8f9449d8

বঁটা প্ৰদান কাৰ্যসূচী অমৃতা কৌৰ গোস্বামীৰ বৰগীত পৰিবেশনৰে সুভাৰম্ভ কৰা হয় । বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত গল্পকাৰ মনোজ কুমাৰ গোস্বামী , শিল্পী মনিষা হাজৰিকা , মানস কুমাৰ মহন্ত উপস্হিত থাকে । 

অনুষ্ঠানটিত নৌচাদ আখতাৰ হাজৰিকাক গামোচা, চেলেং, স্মাৰক, মানপত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰে । সভাত বিশেষ বক্তৃতা আগবঢ়াই মনোজ কুমাৰ গোস্বামীয়ে নগাঁৱৰ সমাজ জীৱনৰ ওপৰত আলোকপাত কৰে । নগাঁৱৰ আড্ডাৰ পৰিবেশ নোহোৱা হৈ যোৱাৰ বিষয়ে খেদ প্ৰকাশ কৰি কলং সূঁতিক চিৰপ্ৰবাহিত কৰি ৰখাৰ ক্ষেত্ৰত মত প্ৰকাশ কৰে । ইয়াৰ পিছতে বঁটাত প্ৰাপক নৌচাদ আখটাৰ হাজৰিকাই বক্তব্য আগবঢ়ায় কয় যে কল্লোলৰ হৈ মই সন্মান গ্ৰহণ কৰিছো । ইয়াৰ বাবে কল্লোলৰ সকলো অংশীদাৰ । 

1c671e5f-4832-401d-9d30-e25283dd8a5a

সাংবাদিক মানস কুমাৰ মহন্তই নিজৰ বক্তব্য আগবঢ়াই কয়  ক্ৰান্তিকালে নৌচাদ আখতাৰ হাজৰিকাক ক্ৰান্তিকাল সন্মান আগবঢ়াই যথোচিত সন্মান প্ৰদান কৰিছে । ক্ৰান্তিকালৰ কৈলাশ ৰাজখোৱাই উদ্দেশ্যবাখ্যা কৰা সভাত নগাঁৱৰ পাঁচগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । এই সাংবাদিক কেইজনৰ নাম হৈছে কনক হাজৰিকা , জীতেন বৰকটকী , শৈলেন শইকীয়া , পলাস প্ৰতিম হাজৰিকা , হেমেন কুমাৰ দাস । সভাখনিতে ৰেকিবুদ্দিন আহমদ হাজৰিকাৰ প্ৰনীত সুৰীয়া নগাঁও গ্ৰন্হখনি উন্মোচন কৰে মনিষা হাজৰিকাই ।

নগাওঁ