/asomiyapratidin/media/media_files/2025/11/03/hhgfdrt-2025-11-03-12-08-23.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ সমীপৰ কহুৱাতলিৰ সৰবৰাহী মহিলা প্ৰভাৱতী নাথৰ দেওবাৰে নিশা দেহাবসান ঘটে। নগাঁৱৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰভাৱতী নাথ অঞ্চলটোৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ লগত জড়িত আছিল।
তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী কৃষ্ণকান্ত নাথ ,তিনিপুত্ৰ, বোৱাৰী, নাতি- নাতিনীসহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us